Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হৰি নাম, কীৰ্তনৰ ধ্বনিৰে মুখৰিত হ’ল হাঁহচৰাৰ বকল গাওঁ

গণবাৰ্তা, বেতবাৰী, ২৭ ফ্ৰেব্ৰুৱাৰীঃ   শুক্ৰবাৰে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ বকল গাঁও নামঘৰ প্ৰাঙ্গণত হাঁহচৰাৰ মণিৰাম মেধি বংশধৰ সকলৰ আতিথ্যত আৰু ...



গণবাৰ্তা, বেতবাৰী, ২৭ ফ্ৰেব্ৰুৱাৰীঃ   শুক্ৰবাৰে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ বকল গাঁও নামঘৰ প্ৰাঙ্গণত হাঁহচৰাৰ মণিৰাম মেধি বংশধৰ সকলৰ আতিথ্যত আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা মনিৰাম মেধিৰ বংশধৰ সকলৰ উদ্যোগ আৰু সহযোগত হাঁহচৰাৰ সাতখনকৈ গাঁৱৰ লোক জড়িতহৈ পূৰ্বপুৰুষক সুঁৱৰি  দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “বৰ সবাহ“ৰ অনুষ্ঠানত দিনযোৰা কাৰ্যসূচীৰে ভাগৱত প্ৰতিষ্ঠা, নাম প্ৰসংগ, কীৰ্তন পাঠ, সমজোৱা নাম, গায়ন-বায়নৰ অনুষ্ঠানৰ লগতে পূৱাৰ ভাগৰ পৰা পুৱতি নিশা আৰু শনিবাৰে পূৱাৰ ভাগলৈ কীৰ্তন - ভাগৱতৰ হৰি নামৰ ধ্বনিৰে অঞ্চলটো মুখৰিত কৰি তোলে ৷ উদযাপন সমিতিৰ বিষয়-ববিয়া সকলে জানিবলৈ দিয়া মতে, স্বাধীতাপূৰ্বৰ তথা ১৮ শ শতিকাত শিৱসাগৰৰ চাৰিঙৰ পৰা আহি হাঁহচৰা মৌজাৰ বকল গাঁৱত বসতি স্থাপন কৰিবলৈ লোৱা মণিৰাম মেধিৰ বংশধৰ সকলৰ উদ্যোগত আয়োজন কৰা হাঁহচৰা মৌজাৰ বকল গাঁৱত অনুষ্ঠিত “বৰ সবাহ“ৰ অনুষ্ঠানটোত বিভিন্ন প্ৰান্তত বসবাস কৰা মণিৰাম মেধিৰ বংশধৰ সকলৰ লগতে হাঁহচৰাৰ স্থানীয় গাঁৱৰ লোক সকলৰো স্বৰ্তস্ফুৰ্ত সহযোগত দিনযোৰা কাৰ্যসূচীৰে বৰ সবাহৰ অনুষ্ঠানটো আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সুকলমে অনুষ্ঠিত কৰা হয় ৷ আধ্যাত্মিক আৰু সাত্বিক পৰিৱেশৰ মাজত শ্ৰৱণ-কীৰ্তণৰ ভক্তি আৰু সেৱাৰে ঈশ্বৰৰ শ্ৰী চৰণ বন্দনাৰে শিশু পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা, যুৱক-যুৱতীলৈ ভক্তি অশ্ৰুৰে সেৱা নিবেদিলে ভক্তপ্ৰাণ ৰাইজে ৷

No comments