Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ 'বিশেষ শিবিৰ, ২০২১'ৰ সফল সামৰণি

  গণ বাৰ্তা, ডিব্ৰুগড়, ৩ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অন্যতম অংশ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (NSS, DUPG Unit)এ যোৱা...

 


গণ বাৰ্তা, ডিব্ৰুগড়, ৩ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অন্যতম অংশ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (NSS, DUPG Unit)এ যোৱা ইংৰাজী ২৭ জানুৱাৰী তাৰিখে ৫দিনীয়া বিভিন্ন কাৰ্যসূচীৰে বহনক্ষম উন্নয়নৰ বিভিন্ন দিশক সামৰি 'বিশেষ শিবিৰ ২০২১'ৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সভাকক্ষত অৰ্দ্ধশতাধিক স্বেচ্ছাসেৱকৰ উপস্থিতিত অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ NSS কোষৰ সমন্বয়ক ড০ ডেভিড কার্ডঙ, NSS ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ কাৰ্যবাহী বিষয়া ড০ অমৰ উপাধ্যায়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ নিৰ্দেশক ড০ কল্যাণ ভূঞা, বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰাধ্যাপক ড০ নিতুল কুমাৰ গগৈ আৰু শিক্ষাতত্ব বিভাগৰ অধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোহাঁই। এইবৰ্ষৰ বিশেষ শিবিৰৰ মূল বিষয়বস্তু আছিল 'বহনক্ষম বিশ্ববিদ্যালয় চৌহদ'। ড০ অমৰ উপাধ্যায়ে জনোৱা মতে ৰাষ্ট্ৰসংঘই ঘোষণা কৰা বহনক্ষম বিকাশৰ লক্ষ্য ২০৩০ (SDG 2030)ৰ লগত সংগতি ৰাখি বিষয়বস্তু নিৰ্দিষ্ট কৰা হৈছে। শিক্ষা, স্বাস্থ্য আৰু পৰিৱেশৰ সজাগতাৰ  লগত সংগতি ৰাখি শিবিৰৰ কাৰ্যসূচী সমূহ নিৰ্দিষ্ট কৰা হৈছে। দ্বিতীয় দিনা অৰ্থাৎ ২৮ জানুৱাৰী তাৰিখে অনুষ্ঠানত পুৱাৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয় চৌহদ চাফাই অভিযান চলোৱা হয় আৰু আবেলি ৰক্ত দানৰ সম্পৰ্কে এটা সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। আবেলিৰ এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ'ল'জি বিভাগৰ অধ্যাপিকা প্ৰফেছৰ অদিতি শৰ্মা আৰু প্ৰফেছৰ সুমেন কুমাৰ ভাগৱতী। ডা০ অদিতি শৰ্মা বাইদেৱে তেওঁৰ বহুমূলীয়া বক্তব্যত কয় যে বহু লোকে ৰক্ত দান কৰিবলৈ সংকোচ কৰে, ৰক্ত দানৰ বিপৰীত প্ৰতিক্ৰিয়া থাকিব পাৰে বুলি তেওঁলোকে ধাৰণা কৰে। কিন্তু এইটো সম্পূৰ্ণ মিছা বুলি তেওঁ জানিবলৈ দিয়ে আৰু কিদৰে ৰক্তদান কৰিব পাৰি, ৰক্তদান কৰোঁতে এজন ব্যক্তিৰ স্বাস্থ্যৰ কোনবোৰ দিশ প্ৰথমে চাই লোৱা হয় এই সকলোবোৰ কথা বিস্তৃত ভাৱে সহজ ভাষাৰে বুজাই দিয়ে। তৃতীয় দিনা পুৱাৰ ভাগত  স্বেচ্ছাসেৱকসকলৰ দ্বাৰা যোগভ্যাস কাৰ্যসূচী হাতত লোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক সত্য চাংমাইৰ তত্বাৱধানত স্বেচ্ছাসেৱকসকলে কেইবা প্ৰকাৰৰ যোগৰ চৰ্চা কৰে। আবেলি ৩ বজাৰ পৰা আৰম্ভ হোৱা অসামৰিক প্ৰতিৰক্ষা আৰু দুৰ্যোগ প্ৰশমণ অনুষ্ঠানটিত উপস্থিত থাকে ডিব্ৰুগড় জিলা অসামৰিক প্ৰতিৰোধ ব্যৱস্থাৰ সহকাৰী নিয়ন্ত্ৰক প্ৰশান্ত কুমাৰ গগৈ আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক সত্য প্ৰকাশ বৰুৱা আৰু মনদীপ বৰুৱা। বিভিন্ন দুৰ্যোগ আৰু আকস্মিক দুৰ্ঘটনাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ আৰু থিতাতে পোৱা সামগ্ৰীসমূহৰ সহায়েৰে কেনেকৈ নিজৰ লগতে আন দহজনক বচাব পাৰি তাৰ প্ৰশিক্ষণ দিয়ে। চতুৰ্থ দিনা পুৱাৰ ভাগত সমূহ  স্বেচ্ছাসেৱক ৬ ভাগত বিভক্ত হৈ ৬ খন নিৰ্বাচিত বিদ্যালয়ত বহনক্ষম উন্নয়নৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰে। উচ্চ মাধ্যমিক বিদ্যালয়সমূহত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয় আৰু অনুষ্ঠানৰ শেষত পোৱা সহাঁৰিত ছাত্ৰ-ছাত্ৰী সকলে জনায় যে অনাগত দিনত তেওঁলোকে একোজন সুস্থ সবল নাগৰিক হিচাপে নিজৰ প্ৰয়োজনখিনি পূৰণৰ লগতে ভৱিষ্যত প্ৰজন্মলৈয়ো যাতে প্ৰয়োজনীয় সম্পদসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব। ইয়াৰ পাছত বিশ্ববিদ্যালয় চৌহদত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ উদ্যোগত গঢ়ি উঠা "Orchard" নামেৰে নামাকৰণ কৰা ফলৰ বাগানখনত শ্ৰম আগবঢ়ায়। অন্তিম দিনা অৰ্থাৎ ৩১ জানুৱাৰী তাৰিখে পুৱাৰ ভাগত স্বেচ্ছাসেৱকসকল ৬ টা গোটত বিভক্ত হৈ বিশ্ববিদ্যালয় চৌহদৰ অন্তৰ্গত আৱাসিক এলেকাসমূহৰ প্ৰতি ঘৰে ঘৰে গৈ এক সমীক্ষা চলাই যাৰ মূল উদ্দেশ্য আছিল পেলনীয়া সামগ্ৰীসমূহৰ ক্ষেত্ৰত আৱাসীসকলে  কি ব্যৱস্থা হাতত লয় তাৰ বিষয়ে জনা। সমীক্ষাৰ অন্তত সকলো বিশ্ববিদ্যালয় চৌহদত একগোট হয় আৰু সমীক্ষাসমূহৰ ওপৰত আলোচনা কৰে আৰু সুস্থ পৰিবেশ গঢ়িবৰ বাবে প্ৰয়োজনীয় দিশবোৰৰ ওপৰত আলোকপাত কৰে। আৰু লগতে সকলো সংকল্পবদ্ধ হয় যে নিজৰ লগতে আন দহজনক চৌপাশৰ সম্পদসমুহ সুৰক্ষিত কৰাৰ বাবে সদায় সজাগ কৰিব আৰু উৎসাহ যোগাব। ইয়াৰ পাছত শিবিৰৰ সামৰণি সভাখন আয়োজন কৰা হয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় NSS কোষৰ সহ সমন্বয়ক ড০ হিমাদ্ৰী বৰ্মন  ডিব্ৰুগড় বিশ্ববিদ্যালয় NSS কোষৰ সমন্বয়ক ড০ ডেভিড কার্ডঙ, NSS ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ কাৰ্যবাহী বিষয়া ড০ অমৰ উপাধ্যায়ৰ তত্বাৱধানত স্বেচ্ছাসেৱকসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানসমূহত সহ-সমন্বয়ক স্বেচ্ছাসেৱক হিচাপে দ্বায়িত্বত থাকে স্বেচ্ছাসেৱক পার্থ জ্যোতি বৰুৱা, কৰ্ণজ্যোতি সোনোৱাল, অঞ্জন ফুকন, সৌৰভ হাতীমূৰীয়া, চন্দন চাহু, মৃণাল গগৈ, পার্থ সাৰথি বৰুৱা, ধৰমৰাজ তাছা, সৌগত ৰয়, যাদৱ বুৰাথুকি আৰু হাৰ্দিক বৰুৱা। তাৰোপৰি বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়াই পৰশমণি মহন্ত, পৰশমণি মহন্ত, সৌমাৰজিৎ গগৈ আৰু গোটৰ সমূহ স্বেচ্ছাসেৱকে। সকলো দিশতে সক্ৰিয় স্বেচ্ছাসেৱক মৃণাল গগৈক শ্ৰেষ্ঠ  স্বেচ্ছাসেৱক নিৰ্বাচিত কৰা হয় আৰু এখনি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সফল সামৰণি পৰে।

No comments