নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী : ভাৰতত আয়োজন হ'বলগীয়া টি-২০ বিশ্বকাপলৈ সকলো ক্ৰিকেট দলে নিজকে সাজু কৰি তুলিছে। সকলো দলে নিজৰ মাজত থকা অভাৱ...
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী: ভাৰতত আয়োজন হ'বলগীয়া টি-২০ বিশ্বকাপলৈ সকলো ক্ৰিকেট দলে নিজকে সাজু কৰি তুলিছে। সকলো দলে নিজৰ মাজত থকা অভাৱসমূহ দূৰ কৰাৰ বাবে চেষ্টা চলাই আছে। আয়োজক ভাৰতৰ লগতে এইবাৰৰ টি-২০ বিশ্বকাপৰ প্ৰবল দাবীদাৰ বুলি চিহ্নিত হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ড। বৰ্তমান সময়ত ইংলেণ্ড দলটো ভাৰত ভ্রমনত আছে। দকটোৱে ভাৰতৰ বিৰুদ্ধে চাৰিখন মেচৰ টেষ্ট ছিৰিজ খেলি আছে। টেষ্ট ছিৰিজৰ পিছত ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে পাঁচখন টি-২০ খেলিব। টি-২০ ছিৰিজ বিশ্বকাপৰ অংশ হ'ব। বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলে অনুশীলন কৰাৰ এক সুযোগ লাভ কৰিব। ইয়াৰ মাজতে নিউজিলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা কোৱা হৈছে যে ভাৰতত আয়োজন হ'বলগীয়া টি-২০ বিশ্বকাপত ২০ খেলুৱৈয়ে স্থান লাভ কৰিব পাৰে। সাধাৰণতে দলসমূহে ১৫জন খেলুৱৈ লগত লৈ বিশ্বকাপত অৱতীৰ্ণ হয়। কিন্তু নিউজিলেণ্ড দলটোৱে ২০জন খেলুৱৈ লগত লৈ ভাৰত ভ্ৰমণলৈ আহিব। দলটোৱে আজি নতুন জাৰ্চিও মুকলি কৰিছে। নিউজিলেণ্ড দলটোৱে বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ ছিৰিজ খেলিব। উল্লেখ্য যে ভাৰতত টি-২০ বিশ্বকাপ অক্টোবৰ আৰু নৱেম্বৰত আয়োজন হ'ব পাৰে।
No comments