Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকীয়াজুলিৰ চপাই বালিগাঁৱত বৰ্বৰকাণ্ড; একেটা পৰিয়ালৰ তিনিজনক আক্ৰমন দূৰ্বৃত্তৰ

গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি,  ২১ফেব্ৰুৱাৰী:  শোণিতপুৰ জিলাৰ ঢেকী"য়াজুলি আৰক্ষী থানা এলেকাৰ চপাই বালিগাওঁত যোৱা নিশা সংঘটিত এক বৰ্বৰ কাণ্ড...


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি, 
২১ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ঢেকী"য়াজুলি আৰক্ষী থানা এলেকাৰ চপাই বালিগাওঁত যোৱা নিশা সংঘটিত এক বৰ্বৰ কাণ্ডই জোকাৰি গ’ল সমগ্ৰ ঢেকীয়াজুলি অঞ্চল ৷ ঘটনাৰ বিৱৰণী মতে, চপাই বালিগাঁৱৰ মোহন ৰাভাৰ বাসগৃহত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তৰ দল এটা প্ৰৱেশ কৰি মোহন ৰাভাৰ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলায় ৷ দুৰ্বৃত্তৰ দলটোৱে মোহন ৰাভাৰ পত্নী জিলি ৰাভাক চোকা অস্ত্ৰেৰে ঘপিয়াই তেওঁলোকৰ ১২ বছৰীয়া কন্যাক উঠাই লৈ যায় ৷ দুৰ্বৃত্তৰ আক্ৰমনত  গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত জিলি ৰাভা আহত অৱস্থাতে দৌৰি গৈ ওচৰৰ পৰিয়ালক বিষয়েটো অৱগত কৰাৰ পিছত স্থানীয় লোক সকল ওলাই আহে আৰু তেওঁলোকৰ বাসগৃহত উপস্থিত হয় ৷ স্থানীয় লোক সকলে ঘটনা সন্দৰ্ভত ৰাক্ষসমাৰী আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷ ইপিনে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত জিলি ৰাভাক কালি নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও নিশাই তেওঁৰ মৃত্যু হয় ৷ দুৰ্বৃত্তৰ দলটোৱে মোহন ৰাভাৰ কণিষ্ঠা কন্যা চেৱা ৰাভাক আক্ৰমণ কৰি পেলাই থৈ যায় ৷ কনমানি চেৱা ৰাভাক কালি নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে ৷ যোৱা নিশা সংগটিত এই লোম হৰ্ষক ঘটনাই অঞ্চলটোত জোকাৰণিৰ সৃষ্টি কৰিছে ৷ যোৱা নিশা এই বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ পিছত দূৰ্বৃত্তই উঠাই  লৈ যোৱা ১২বছৰীয়া কন্যা পুৰৱী ৰাভাৰ বৰ্তমানলৈকে শুংসুত্ৰ নাই ৷ ঘটনা সংঘটিত হোৱাৰ পিছত ঢেকীয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটাই পুৰৱী ৰাভাক বিচাৰি তীব্ৰতৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে তাইক উদ্ধাৰ কৰিব পৰা  নাই ৷ ইপিনে ঘটনাস্থলীৰ কিছু দূৰত্বত  পুৰৱী ৰাভাৰ পিন্ধি থকা কাপোৰ  উদ্ধাৰ হোৱাত আৰক্ষীয়ে আজি  স্নিফাৰ ডগৰ সহায়ত অভিযান চলাইছে যদিও কোনো ধৰনৰ শুংসুত্ৰ পোৱা নাই ৷ স্থানীয় লোকে প্ৰকাশ কৰা মতে, কালি নিশা জিলি ৰাভা নামৰ মহিলাগৰাকী দূৰ্বৃত্তৰ আক্ৰমনৰ বলি হৈ আহত অৱস্থাত দৌৰি গৈ কাষৰ এঘৰ লোকৰ ঘৰত গৈ ঢলি পৰে আৰু তেওঁলোকক কয় মোৰ দুটা সন্তানক ৰক্ষা কৰক নহ’লে তেওঁলোকে হত্যা কৰিব ৷ মহিলা গৰাকীয়ে ইমান খিনি কথা কোৱাৰ পিছত মুৰ্চা যায় ৷ ইয়াৰ পিছতেই স্থানীয় লোকে ততাতৈয়াকৈ জিলি ৰাভাৰ ঘৰত উপস্থিত হৈ দেখে কনমানি চেৱা ৰাভা আহত অৱস্থাত পথাৰৰ মাজত মা মা বুলি চিঞঁৰি থকাত তেওঁলোকে কনমানি চেৱাক উদ্ধাৰ কৰে যদিও জিলি ৰাভাৰ জেষ্ঠা কন্যা পুৰৱী ৰাভাক ঘটনাস্থলীত দেখা নাপালে ৷  ইয়াৰ পিছতেই গুৰুত্বৰভাৱে আহত মাতৃ আৰু কনমানি চেৱা ৰাভাক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ৷ গুৰুত্বৰভাৱে আহত জিলি ৰাভাৰ যোৱা নিশা চিকিৎসালয়ত মৃত্যু হয় ৷ চপাই বালিগাঁৱত যোৱা নিশা সংগটিত   এই বৰ্বৰ ঘটনাক স্থানীয় ৰাইজে তীব্ৰ নিন্দা কৰাৰ লগতে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে,  মৃত জিলি ৰাভাৰ স্বামী মোহন ৰাভা কৰ্মসূত্ৰে ইম্ফলত আছে ৷ যোৱা নিশাৰ এই ঘটনা শুনাৰ পিছত তেওঁ ইম্ফলৰ পৰা ঢেকীয়াজুলিলৈ ৰাওনা হৈছে ৷  উল্লেখযোগ্য যে, পথাৰৰ মাজত নিৰুদ্দেশ হৈ থকা কিশোৰিৰ অন্তৰ্বাসৰ পৰা আৰম্ভ কৰি পিন্ধিথকা সমস্ত কাপোৰ উদ্ধাৰৰ পিছতেই ৰাইজৰ সন্দেহ হৈছে নৰপিশাচে হয়টো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰি কিশোৰী গৰাকীকো হত্যা কৰি ক'ৰবাত লুকুৱাই ৰখা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ স্থানীয় সচেতন ৰাইজে দাবী জনাইছে ৷

No comments