পৰাণজ্যোতি বৰা, মাজুলী, ২২ফেব্ৰুৱাৰী: মাজুলী জিলা কংগ্ৰেছৰ নিৰ্দেশত মাজুলীৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ভাতৃ সংগঠন সমূহৰ সহযোগত আজি পুৱা ১০-...
পৰাণজ্যোতি বৰা, মাজুলী, ২২ফেব্ৰুৱাৰী: মাজুলী জিলা কংগ্ৰেছৰ নিৰ্দেশত মাজুলীৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ভাতৃ সংগঠন সমূহৰ সহযোগত আজি পুৱা ১০-০০ বজাত কমলাবাৰী পেট্ৰল ডিপুৰ সন্মুখত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে "এক অৱস্থান ধৰ্ম ঘট" কাৰ্যসূচী ৰূপায়ন কৰে।হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ কংগ্ৰেছ কৰ্মী সকলে পেট্ৰল -ডিজেলৰ মূল্য হ্ৰাস কৰক, অসম চৰকাৰ হায়, হায়,আদি বিভিন্ন শ্ল' গান দি পৰিবেশ উত্তাল কৰি তোলে।উক্ত কাৰ্যসূচীত এ আই চিচিৰ মাজুলীৰ তত্বাৱধায়ক শ্বপনীল সিংহা উপস্থিত থকাৰ লগতে মাজুলী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দ্বয় শংকৰজ্যোতি হাজৰিকা, ৰঞ্জিত দাস,মাজুলী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমণি দত্ত, জিলা যুৱ কংগ্ৰেছৰ, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে।এক ঘণ্টা ধৰি হোৱা এই কাৰ্যসূচীত কংগ্ৰেছ কৰ্মী সকলে সন্মুখত বেনাৰ লৈ এই কাৰ্যসূচীত ৰূপায়ণ কৰে।
No comments