Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট মুক্তিযোদ্ধা নবীন চন্দ্ৰ বৰুৱাৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৭  ফেব্ৰুৱাৰী : তিতাবৰ জালুকনি বাঢ়ৈবাৰী কুকুৰাচুৱা গাঁৱৰ নিবাসী,১৯৪২ৰ মুক্তিযোদ্ধা,পঞ্চায়তৰ সচিব,সমাজ সংগঠক ৯৮ বছৰী...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৭  ফেব্ৰুৱাৰী : তিতাবৰ জালুকনি বাঢ়ৈবাৰী কুকুৰাচুৱা গাঁৱৰ নিবাসী,১৯৪২ৰ মুক্তিযোদ্ধা,পঞ্চায়তৰ সচিব,সমাজ সংগঠক ৯৮ বছৰীয়া প্ৰৱীন তথা তিতাবৰৰ শেষৰ জন মুক্তিযোদ্ধা নবীন চন্দ্ৰ বৰুৱাৰ যোৱা ৩ফেব্ৰুৱাৰীৰ নিশা ৯-২৫ বজাত বাৰ্ধক‍্য জনিত কাৰণত নিজা গৃহত দেহাৱসান ঘটে।উল্লেখ‍্য যে ১৯২৩ চনত জন্ম গ্ৰহণ কৰা ব‍্যক্তি জনে ধলাজান আতাপাম উচ্চ বুনিয়াদী  বিদ‍্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি এম,ই শিক্ষা গ্ৰহণ কৰে ৰঙাজান বিদ‍্যালয়ত।পৰবৰ্তী  স্হানীয় জালুকনিবাৰী উ:মা: বিদ‍্যালয়ত নৱম শ্ৰেণীত  শিক্ষাগ্ৰহণ কৰি থকা অৱস্হাত ১৯৪২ ৰ আন্দোলনত সক্ৰিয়  ভাৱে জড়িত হৈ স্বাধীনতা সেনানী সকলক বিভিন্ন খৱৰ যোগনীয়া হিচাপে আত্মনিয়োগ কৰে।লগতে ১৯৩৫ চনত জালুকনিবাৰীৰ পৰা প্ৰকাশ হোৱা প্ৰথম "দৈনিক বাতৰি " কাকত খনৰ কৰ্মচাৰী হিচাপে অংশগ্ৰহণ কৰে।  দেশ স্বাধীনতাৰ পাছত সেইসময়ৰ ৰতনপুৰ পঞ্চায়তৰ সচিব হিচাপে কৰ্মজীৱন আৰম্ভ কৰা মুক্তি যোদ্ধা  জনে বৃটিছৰ আমোলত দাৰোগা হিচাপে নিযুক্তি পোৱা ৰতনপুৰ পঞ্চায়তৰ সভাপতি থানেশ্বৰ বৰাৰ কাৰ্যকালত ৰতনপুৰ ৰোৱেল গাঁও পঞ্চায়ত ক্ৰমে ৬৪ নং পশ্চিম ঠেঙাল,৬৫ নং মধ‍্য,৬৬নং পূৱ ঠেঙাল তিনিভাগে বিভক্ত হোৱাত পুণৰ মুক্তি যোদ্ধাজনে উজনি চৰাইবাহী গাঁও ঢপঞ্চায়তৰ কাৰ্যালয় সহায়ক হিচাপে নিযুক্তি পায়।ইয়াৰ পাছতেই পদোন্নতি হৈ সৰুচৰাই গাওঁ পঞ্চায়তৰ সচীৱ,আৰু১৯৮৮ চনত ঠেঙাল গাওঁ পঞ্চায়তৰ সচীব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি অৱসৰ লয়।দেশ স্বাধীনতা সেনানীতেই আৱদ্ধ নেথাকি মুক্তিযোদ্ধা জনে একাধাৰে সমানে বৃহত্তৰ জালুকনিবাৰী অঞ্চলটোৰ বিভিন্ন বিদ‍্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত হৈ সেইবিলাক উন্নীতৰ বাবে সেৱা আগবঢ়াই যোৱাৰ উপৰিও অঞ্চলৰ ধৰ্মীয়, সামাজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত জড়িত হৈ উঠি অহা প্ৰজন্মৰ মাজত আৰ্দশ হৈ পৰিছিল।যাৰ ফলত মুক্তি যোদ্ধা গৰাকীক জীৱিত কালতেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাইছিল।জীৱিত অৱস্হাত দেশ,জাতি তথা অঞ্চলটোলৈ বিভিন্ন সেৱা আগবঢ়োৱা মুক্তি যোদ্ধা জনে মৃত্যুৰ সময়ত বৃদ্ধা পত্নী ৰঙীলি বৰুৱা,সাংবাদিক তথা অৱসৰ প্ৰধান শিক্ষক  কমল বৰুৱাকে ধৰি দুজন পুত্ৰ,তিনিগৰাকী বোৱাৰী, তিনিগৰাকী জী-জোঁৱাই,বহুকেইটা নাতি নাতিনী সহ বৃহৎ বংশ পৰিয়াল এৰিথৈ যায়।
Attachments area

No comments