Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শুক্লাই চেৰফাং বাঙালী উন্নয়ন মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন; ৰাইজৰ সহায়-সহযোগ অবিহনে কেতিয়াও চৰকাৰ চলোৱাটো সম্ভৱ নহয়- ৰণেন্দ্ৰ নাৰ্জাৰী

আৰিফ আহমেদ, তামুলপুৰ,১ ফেব্ৰুৱাৰীঃ ঐক্য, শান্তি আৰু উন্নয়ন ৰ আদৰ্শ লৈ তামুলপুৰ বিধান সভা সমষ্টিৰ শুক্লাই চেৰফাঙত এবছৰ আগতে গঠন হৈছিল শুক্লাই...


আৰিফ আহমেদ, তামুলপুৰ,১ ফেব্ৰুৱাৰীঃ ঐক্য, শান্তি আৰু উন্নয়ন ৰ আদৰ্শ লৈ তামুলপুৰ বিধান সভা সমষ্টিৰ শুক্লাই চেৰফাঙত এবছৰ আগতে গঠন হৈছিল শুক্লাই চেৰফাং বাঙালী উন্নয়ন মঞ্চৰ। সেই বাঙালী উন্নয়ন মঞ্চৰ বৰ্ষপূৰ্তি উপলক্ষে দেওবাৰে অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক অধিৱেশন। অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা আহি কেবাশতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা জনসভাত সভাপতিত্ব কৰে প্ৰাণজিৎ নাথে।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে কয়- বিগত ১৭ বছৰীয়া বিপিএফ চৰকাৰত অতীষ্ঠ হৈ ৰাইজে পৰিৱৰ্তন বিছাৰিছিলে। ৰাইজে বিচৰা ধৰণে এইবাৰ এখন পৰিৱৰ্তন কামী চৰকাৰ হ'ল। বিগত সময়ত বিটিচিৰ সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছিল‌। বিগত পৰিষদীয় নিৰ্বাচনৰ পিছত বিটিচিৰ ৰাইজে প্ৰমোদ বড়োৰ নেতৃত্বত বিজেপি, ইউপিপিএল আৰু জিএছপি মিত্ৰ জোটৰ এখন পৰিৱৰ্তন কামী চৰকাৰ পালে। সেয়ে  পৰিৱৰ্তন প্ৰত্যাশী চৰকাৰখনক প্ৰতিটো পদক্ষেপতে ৰাইজৰ সহায় -সহযোগৰ অত্যন্ত প্ৰয়োজন, কিয়নো  ৰাইজৰ সহায়-সহযোগ অবিহনে কেতিয়াও চৰকাৰ চলোৱাটো সম্ভৱ নহয়। ভাষণ প্ৰসংগত তেওঁ কয়-বিগত ১৭ বছৰে বিটিচিৰ ৰাইজে বিপিএফক দিয়াৰ দৰে সুন্দৰ শান্তি পূৰ্ণ পৰিৱেশ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ পুনৰ কয়-- আমাৰ মিত্ৰ জোটৰ চৰকাৰখনৰ কৰিবলগীয়া বহু কাম আছে। চৰকাৰ খনে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিলে চৰকাৰ খনক এটা শান্তিৰ পৰিৱেশৰ প্ৰয়োজন।

বিটিচিৰ উন্নয়নৰ স্বাৰ্থত তেওঁ এটা শান্তিৰ পৰিৱেশ গঢ়ি তোলাত ৰাইজৰ সহযোগ কামনা কৰে। সুদীৰ্ঘ ভাষণ কালত তেওঁ উল্লেখ কৰে যে ইয়াত অসমীয়া,বাঙালী, বড়ো, গোৰ্খাভাই আছে,ৰাভা, শৰণীয়া কছাৰী আছে। 
ইয়াত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ সম উন্নয়ন হলেহে একোটা অঞ্চলৰ উন্নয়ন হয়। নিজৰ জনগোষ্ঠীটো আগবঢ়াই নিবলৈ শুক্লাই চেৰফাং বাঙালী উন্নয়ন মঞ্চৰ উদ্যোক্তা সকলে যি পদক্ষেপ হাতত লৈছে সেই আশা পূৰণ হব বুলি তেওঁ কামনা কৰে। শুক্লাই চেৰফাং বাঙালী উন্নয়ন মঞ্চৰ সাধাৰণ সম্পাদক যাদৱ সৰকাৰে আঁঁতধৰা সভাত বাক্সা জিলা বিজেপি ৰ এছ চি মৰ্চাৰ সভাপতি গজেন দাস,নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তোলা, জ্যেষ্ঠ নাগৰিক কণো ৰাম কলিতায়ো ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে পুৱা মূল তোৰণ উন্মোচন কৰি অধিৱেশন ৰ কাৰ্যসূচী মুকলি কৰে অসম ৰাজ্যিক বিজেপিৰ ৰাজ্যিক স্বচ্ছ ভাৰত অভিযান মিছনৰ তত্বাৱধায়ক কৰণ ছেত্ৰীয়ে। মঞ্চৰ পতাকা উত্তোলন কৰে বাঙালী উন্নয়ন মঞ্চৰ সভাপতি প্ৰাণজিৎ নাথে।সন্ধিয়া বন্তি প্ৰজ্বলন আৰু কৃষ্টি প্ৰদৰ্শনো কৰা হয়।


No comments