Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰৰ ঐতিহাসিক দেওঘৰত উপস্থিত সাংসদ গৌৰৱ গগৈ

গণ বাৰ্তা, তিতাবৰ,১১ ফেব্ৰুৱাৰী: কেইবাটাও দলীয় কাৰ্যসূচীৰে তিতাবৰত উপস্থিত প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ । স্ব...


গণ বাৰ্তা, তিতাবৰ,১১ ফেব্ৰুৱাৰী: কেইবাটাও দলীয় কাৰ্যসূচীৰে তিতাবৰত উপস্থিত প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ স্মৃতি বিজড়িত ৰঙাজানস্থিত দেওঘৰত উপস্থিত হৈ আশীষ ললে সাংসদ গৌৰৱ গগৈয়ে । দেওঘৰৰ ভকত বৈষ্ণৱ সকলৰ লগত মত বিনিময় কৰি উৎফুল্লিত হৈ পৰে তৰুণ তনয় গৌৰৱ গগৈ । নামঘৰৰ বাকৰিত আই মাতৃৰ সকলৰ লগত প্ৰায়ত পিতৃ তৰুণ গগৈৰ দৰে দেখিবলৈ পোৱা গল গৌৰৱ গগৈক । কোলাত এটি কণমানি তুলি শিশুৰ লগত নিজেও এটি শিশুৰ দৰে হৈ পৰিল সাংসদ গৰাকী । পিতৃ তৰুণ গগৈৰ দৰেই পুত্ৰৰ গাটো শিশুসুলভ স্বভাৱ দেখি গৌৰৱৰ গাত তৰুণ গগৈক দেখা পোৱা গল বুলি অনুভৱ ব্যক্তি কৰিলে উপস্থিত ভকত বৈষ্ণৱে ।

No comments