গণ বাৰ্তা, বজালী, ১ ফেব্ৰুৱাৰীঃ "কবিতাৰ আলোচনাৰ ক্ষেত্ৰত সুস্থিৰ দৃষ্টিৰ প্ৰয়োজন হয়। হৃদয়খনে যেতিয়া সকলো অনুভৱ সুহি লয়, তেতিয়া কবিয়ে ...
গণ বাৰ্তা, বজালী, ১ ফেব্ৰুৱাৰীঃ "কবিতাৰ আলোচনাৰ ক্ষেত্ৰত সুস্থিৰ দৃষ্টিৰ প্ৰয়োজন হয়। হৃদয়খনে যেতিয়া সকলো অনুভৱ সুহি লয়, তেতিয়া কবিয়ে কবিতা লিখে। প্ৰকাশকৰ তাগিদাত উপচা কবিতা সদায় অলোকীয় হয়।" - পহুমাৰা মহোৎসৱত গ্ৰন্থ উন্মোচন কৰি এইদৰে কয় বি এইচ বি মহাবিদ্যালয়ৰ প্ৰবক্তা তথা কবি প্ৰীতিৰেখা দত্তই। কৃষ্টি, সংস্কৃতি, সম্প্ৰীতি আৰু একতাৰ এনজৰীৰে ভৱানীপুৰত অনুষ্ঠিত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ কালি সামৰণি পৰে। সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে জীপাল হৈ থকা দেখা গৈছে মহোৎসৱস্থলী। বাৰেৰহণীয়া লোক কৃষ্টি সমাৰোহ, গীত-কবিতা আৰু বিভিন্ন প্ৰতিযোগিতাৰে জীপাল হৈ থকা পহুমাৰা মহোৎসৱস্থলীত শুক্ৰবাৰে নিশা ৮ বজাত ভৱানীপুৰৰ এটি অগ্ৰণী অনুষ্ঠান ক্লাৱ নক্ষত্ৰৰ কাব্য সংকলন 'নক্ষত্ৰ' উন্মোচন কৰা হয়। তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ভৱানীপুৰৰ উদীয়মান লেখক, সংবাদদাতা সঞ্জীৱ সাগৰ দাসে সম্পাদনা কৰা 'নক্ষত্ৰ' সংকলনখন উন্মোচন কৰে বি এইচ বি মহাবিদ্যালয়ৰ প্ৰবক্তা তথা কবি প্ৰীতিৰেখা দত্তই। ইপিনে, সম্পাকীয় ভাষণত সঞ্জীৱ সাগৰে কয়- "সাহিত্যৰ ক্ষেত্ৰত ল'বী আন ঠাইৰ দৰে ভৱানীপুৰতো দেখা গৈছে। ভৱানীপুৰৰ কিছু অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ, মুখপত্ৰ সম্পাদনাৰ দায়িত্বত থকা সম্পাদকে নিজৰ খিয়ালখুচি মতে সম্পাদনা সমিতি এখন গঠনেৰে কিছু পদৰ সৃষ্টি কৰি একাংশৰ সস্তীয়া প্ৰচাৰ কৰাত ব্যস্ত থাকে, যিটো অতিকৈ দুখৰ বিষয় সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে।'' উন্মোচনৰ সময়ত মঞ্চত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী প্ৰভা দাস, দীপাংকৰ দাস, প্ৰাগ নিউজৰ সাংবাদিক জিণ্টুল তালুকদাৰ, ক্লাৱ নক্ষত্ৰৰ সম্পাদক প্ৰিণ্স তালুকদাৰকে ধৰি তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ একাংশ সদস্য। উল্লেখযোগ্য যে, বৰষুণ, গুঞ্জন, মই আৰু মোৰ ছাঁ আদিকে ধৰি ভৱানীপুৰৰ লেখক সঞ্জীৱ সাগৰ দাসৰ সম্পাদনাত ভালেখিনি উন্নতমানৰ গ্ৰন্থ প্ৰকাশৰ মাজেৰে ভৱানীপুৰত এক নতুন জোঁৱৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ সাগৰ দাসে।
No comments