Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডবকা AIUDF কাৰ্য্যালয়ত প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলৰ উপস্থিতিত উত্তাপ্ত পৰিস্থিতি

গনবাৰ্তা, ডবকা, ১৮ ফেব্ৰুৱাৰী :আজি বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে প্ৰতিনিধিত্ব কৰা যমুনামুখ সমষ্টিত আকস্মিক ভাৱে উপস্থিত হয় বদৰুদ্দ...


গনবাৰ্তা, ডবকা, ১৮ ফেব্ৰুৱাৰী :আজি বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলে প্ৰতিনিধিত্ব কৰা যমুনামুখ সমষ্টিত আকস্মিক ভাৱে উপস্থিত হয় বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমল।যমুনামুখ সমষ্টিৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন সাংসদ গৰাকীয়ে আয়োজন কৰে এখন সভা। সভাত ডবকাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী আনোৱাৰ হুচেইন, হাম হস্পিটেলৰ ন্যাসৰক্ষী শ্বাহিদ হুছেইনে  আনুষ্ঠানিক ভাৱে AIUDF ত যোগদান কৰাৰ লগতে একাংশ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও AIUDF ৰ ভাতৃ সংগঠন UDSF ত আনুষ্ঠানিক ভাৱে প্ৰাক্তন সাংসদ গৰাকীৰ উপস্থিতিত যোগান চলি থকাৰ  লগতে আনন্দ উল্লাস প্ৰকাশ কৰাৰ সময়তেই একাংশ ছাত্ৰ ছাত্ৰীয়ে  স্কলাৰশ্বিপৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলক অভিযোগ দিয়ে যে এইবাৰ   বিধায়ক অনুপস্থিত তথা নমিনি মুহাম্মদ আলীৰ পক্ষপাতিত্বমূলক আচৰণৰ বাবেই স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈছে। লগে লগে যমুনামুখ সমষ্টিৰ AIUDF ৰ সাধাৰণ সম্পাদক মুহাম্মদ আলীয়ে অভিযোগ কাৰী ছাত্ৰ ছাত্ৰীক অপদস্থ কৰাত ঘটনাৰ অন্য ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। চিৰাজ উদ্দিন আজমলৰ সন্মুখতেই শশ ছাত্ৰীয়ে প্ৰাক্তন সাংসদ গৰাকীক ঘেৰাও কৰি AIUDF মুৰ্দাবাদ প্ৰতিবাদ, মুহাম্মদ আলী হায় হায়, মুহাম্মদ আলীৰ দাদাগিৰী নচলিব, মুহাম্মদ আলীৰ দালাল ৰাজ নচলিব আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।ক্ষোভিত ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে ইটা বাহৰ টুকুৰা লৈ আক্ৰমনৰ অপচেষ্টা   কৰাও পৰিলক্ষিত হয়। একাংশ ছাত্ৰ ছাত্ৰীৰ অভিযোগ, আমি স্কলাৰশ্বিপৰ পৰা বঞ্চিত হৈ অভিযোগ দিবলৈ আহিছিলো ছিৰাজ উদ্দিন আজমলক। অভিযোগ কৰোতেই AIUDF নেতা মুহাম্মদ আলীয়ে ছাত্ৰ ছাত্ৰীক অপদস্থ কৰাৰ লগতে আক্ৰমণ কৰাৰো অভিযোগ কৰে উত্তেজিত ছাত্ৰ ছাত্ৰীয়ে।  উত্তেজিত ছাত্ৰ ছাত্ৰীয়ে প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলক ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে যদিও প্ৰাক্তন সাংসদ গৰাকীয়ে কাৰ্যালয়ৰ পৰা প্ৰস্থান কৰে। উত্তেজিত ছাত্ৰ ছাত্ৰীক একাংশ লোকে বুজনি দি পৰিবেশ নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে যমুনামুখ সমষ্টিত AIUDF প্ৰধান বদৰুদ্দিন আজমল, ভাতৃ চিৰাজ উদ্দিন আজমল অথবা বিধায়ক আব্দুৰ ৰহিম আজমলে সমষ্টি পৰিদৰ্শন কৰিবলৈ আহিলেই  একাংশ নেতা পালিনেতাৰ বাবে কোনো অভিযোগ, ৰাইজৰ দাবী, অভাৱ অভিযোগ কৰিবলৈ কোনো সুবিধা লাভ কৰিব নোৱাৰে বুলি অভিযোগ উঠিছে।


No comments