গুৱাহাটী,২৫ জানুৱাৰী: ইন্টাৰনেচনেল গ্লোবেল আইকন শীর্ষক সৌন্দৰ্য প্ৰতিযোগিতাত ঢকুৱাখনাৰ শ্ৰীমতী ৰঞ্জিতা দত্তই বিজয়ী মুকুট ধাৰণ কৰিবলৈ সক্ষম ...
গুৱাহাটী,২৫ জানুৱাৰী: ইন্টাৰনেচনেল গ্লোবেল আইকন শীর্ষক সৌন্দৰ্য প্ৰতিযোগিতাত ঢকুৱাখনাৰ শ্ৰীমতী ৰঞ্জিতা দত্তই বিজয়ী মুকুট ধাৰণ কৰিবলৈ সক্ষম হয়। মিচেছ ইন্টাৰনেচনেল গ্লোবেল আইকন অৰ্জন কৰি ঢকুৱাখনাৰ লগতে সমগ্র উত্তৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ নিবাসী শ্রীযুত লিখন চমুৱাৰ পত্নী আৰু দুটি কন্যা সন্তানৰ মাতৃ ৰঞ্জিতা দত্তই । যোৱা শনিবাৰে ২৩ জানুৱাৰী তাৰিখে গুৱাহাটী জিলা পুথিভৰাঁলত ইন্টাৰনেচনেল গ্লবেল ষ্টাৰ আইকন শীৰ্ষক এক ফেশ্বন শ্ব' অনুষ্ঠান অনুস্থিত হয়।মিচেছ ইন্টাৰনেচনেল গ্লবেল ষ্টাৰ আইকন শীৰ্ষক প্ৰতিযোগিতাৰ চুড়ান্ত প্ৰতিযোগিতাত ৰঞ্জিতা দত্তই অসমৰ মুঠ ৩০ গৰাকী প্ৰতিযোগীৰ ভিতৰত শ্ৰেষ্ঠতাৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ৰঞ্জিতা দত্ত এগৰাকী অসম চৰকাৰৰ অধীনত সমাজ কল্যাণ বিভাগৰো চাকৰিয়াল। ইয়াৰ আগতেও তেখেতে মিচেচ্ পাৰফেক্ট নৰ্থ -ইষ্ট সৌন্দৰ্য প্ৰতিযোগিতাতো বিজয়ী মুকুট ধাৰণ কৰিবলৈ সক্ষম হৈছে । বিজয়ী সূত্রে মিচেছ দত্তই মিচেছ ইন্টাৰনেচনেল গ্লবেল ষ্টাৰ আইকন মুকুট ,মানপত্র, ট্ৰফী আৰু গামোচা লাভ কৰে ।কঠোৰ অধ্যৱসায়, প্ৰচেষ্টা আৰু সাধনাৰ বলত মিচেছ ইন্টাৰনেচনেল গ্লবেল ষ্টাৰ আইকন খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
No comments