ধুবুৰী, ২০ জানুৱাৰী ঃ সদৌ অসম আশাকৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ বিভিন্ন প্...
ধুবুৰী, ২০ জানুৱাৰী ঃ সদৌ অসম আশাকৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আশাকৰ্মীসকলে এক প্ৰতিৱাদ সাব্যস্ত কৰে। চৰকাৰে নুন্যতম পাৰিতোষকৰ ওপৰত ৭২টাকৈ কাম জাপি দিয়াৰ অভিযোগ তুলি তথা এনএইচএমৰ অন্যান্য কৰ্মচাৰীৰ দৰে তেওঁলোককো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাকে ধৰি মুঠ ৮ দফীয়া দাৱী ৰূপায়নৰ বাবে আজিৰ সেই প্ৰতিবাদমুখৰ আাশাকৰ্মীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলা পোৱা যায়। অন্তত সদৌ অসম আশাকৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভানেত্ৰী জেলেকা খাতুন আৰু সম্পাদিকা দুৰ্গা ৰাণী ৰায় স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ধুবুৰী জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
No comments