গণ বাৰ্তা, ধিং, ১২ জানুৱাৰী : অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পদুলি মুখত । তাৰেই পৰিপ্ৰেক্ষিততেই ধিঙৰ গ্ৰাম্যাঞ্চলত ভেলাঘৰ নিৰ্মাণ আৰু ঢেঁ...
গণ বাৰ্তা, ধিং, ১২ জানুৱাৰী : অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পদুলি মুখত । তাৰেই পৰিপ্ৰেক্ষিততেই ধিঙৰ গ্ৰাম্যাঞ্চলত ভেলাঘৰ নিৰ্মাণ আৰু ঢেঁকিৰ গোমগুমনিৰ সমান্তৰালকৈ ম'হ গুৱাল সকলৰো ব্যস্ততাৰ অন্ত নাই ।ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো পৰম্পৰা আৰু নিজৰ ম'হটোক শান্ত কৰাৰ বাবেই যুঁজাবলৈ সাজু হৈছে ম'হ গুৱাল সকল । মাঘত নিজৰ ম'হটোক এপাক যুঁজাবলৈ প্ৰস্তুতি চলাইছে ম'হ গুৱাল সকলে । কেৱল যুঁজাবলৈ নিজৰ ম'হটোক সযতনে প্ৰতিপালন কৰা দেখিবলৈ পোৱা গৈছে । ম'হটোক দূৰ দূৰনিৰ পৰা আনি খুৱাইছে দল ঘাঁহ । পুৱা গধুলি গা ধুৱাই নিৰোগী কৰি ৰাখিছে ম'টোক । তাৰোপৰি যুঁজাৰু ম'হটোক বিভিন্ন ধৰণে দিছে যুঁজৰ প্ৰশিক্ষণ ।গুৱাল সকলে ম'হটো যাতে যুজঁত ভাগৰি নেযায় তাৰ বাবে নিতৌ দৌৰাই ,কলগছ কিম্বা ওখ মাটিৰ লগত দিছে যুঁজৰ প্ৰশিক্ষণ । এই সকল ম'হ গুৱালৰ লগত হাত উজান দিছে স্থানীয় ৰাইজেও । মুঠৰ ওপৰত নিজৰ ম'হটোক যুঁজত জিকাবলৈ প্ৰতিজন ম'হ গুৱালেই কঁকালত টঙালী বান্ধিছে ।
No comments