গণবাৰ্তা বিশেষ,ডিফু, ২০ জানুৱাৰী: অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্রখনৰ অন্যতম কাণ্ডাৰী, সমন্বয়ৰ ৰূপকাৰ, ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা তথা অসম সাহি...
গণবাৰ্তা বিশেষ,ডিফু, ২০ জানুৱাৰী: অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্রখনৰ অন্যতম কাণ্ডাৰী, সমন্বয়ৰ ৰূপকাৰ, ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ৰংবং তেৰাঙলৈ আগবঢ়োবৱা হৈছে 'লাম্মেত আছামফ্রি (সাহিত্য সূর্য) বঁটা। কার্বি আংলং জিলা কবি সম্মিলনৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিকগৰাকীলে এই বঁটা আগবঢ়ােরা হৈছে। কার্বি আংলং জিলা কবি সন্মিলনৰ সম্পাদক ভবপ্রসাদ দেউৰীয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি জীবনজোৰা সাহিত্য সাধনাৰ প্রতি সন্মান জনাই প্রথিতযশা সাহিত্যিকগৰাকীলে এই সন্মান আগবঢ়ােৱা হৈছে। অহা ১৪ ফেব্রুবাবীত ডিফু ক্লাব প্রাংগণত বিশিষ্ট কথাশিল্পীগৰাকীক এই সন্মান আনুষ্ঠানিকভাৱে প্রদান কৰা হব। উক্ত অনুষ্ঠানতে কার্বি আংলং জিলা কবি সন্মিলনৰ তৰফৰ পৰা আগবঢ়াৱা যােৱা দহ বছৰৰ শ্রেষ্ঠ কাব্য-সাহিত্য সম্পর্কীয় সন্মান আৰু বটাসমূহাে প্রদান কৰা হ'ব।
No comments