Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰীত তৃতীয় বৰ্ষ অসম প্ৰিমিয়াৰ ক্লাব চেম্পীয়ানশ্বিপৰ আজি দ্বিতীয় দিন

  ধুবুৰী, ২৫ জানুৱাৰী ঃ যোৱাকালিৰ পৰা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু ধুবুৰী জিলা ক্ৰিড়া সন্থাৰ উদ্যোগত ...


 ধুবুৰী, ২৫ জানুৱাৰী ঃ যোৱাকালিৰ পৰা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু ধুবুৰী জিলা ক্ৰিড়া সন্থাৰ উদ্যোগত ‘অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ’ নামৰ ক্ৰিকেট টুৰ্নামেন্টখন  আৰম্ভ হৈছে। ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উপ–সভাপতি আলোক শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ৪০ অভাৰৰ এদিনীয়া ক্ৰিকেটৰ এই টুৰ্নামেন্টখনত যোৱাকালি ডি.চি.এ. বনাম নিউ গদাধৰ ক্লাবৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ডিচিএ ১৮ ৰানত বিজয় সাব্যস্ত কৰিছে। খেলখনত ডি.চি.এ. ২১.২ অভাৰত গোটেই কেইটা উইকেট হেৰুৱাই ১৬১ ৰান কৰাৰ বিপৰীতে  নিউ গদাধৰ ক্লাবে ২০.২ অভাৰত গোটেই কেইটা উইকেট হেৰুৱাই ১৪৩ ৰান কৰে। ডি.চি.এ.ৰ  জচিম শেখে ২৯ ৰানত  ৫ উইকেট লাভ কৰি খেলখনৰ ‘মেন অৱ দা মেচ’ৰ সন্মান লাভ কৰে। আনহাতে  ক্ৰিকেট টুৰ্নামেন্টটোৰ আজিৰ খেলখন হিন্দ এচোছিয়েন বনাম ডি.চি.চি.চি.ৰ মাজত অনুষ্ঠিত হয়। খেলখনত হিন্দ এচোছিয়েনে ৩০ অভাৰত ৯ উইকেট হেৰুৱাই ২০০ ৰান কৰাৰ বিপৰীতে ২৭.২ অভাৰত ৭ উইকেট হেৰুৱাই ২০১ ৰান কৰি ডি.চি.চি.চি.য়ে ৩ উইকেটত বিজয় সাব্যস্ত কৰে। আজিৰ খেলখনত ডি.চি.চি.চি.ৰ সুমন ভগতে ৭৯ ৰান কৰি মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে।


No comments