Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ হ'ল সৰুপেটাৰ শ্বহীদ খৰ্গেশ্বৰ নগৰত স্থাপিত কদমতলা বজাৰ

 সঞ্জীব দাস, ভৱানীপুৰ , ১১ জানুৱাৰী: সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত নাওসৰকা পথাৰ আৰু চাউলীয়াবৰী ৰাজহ গাঁ‌ৱৰ এক বৃহৎ এলেকা আৱৰি একাংশ লোকে অবৈধভ...


 সঞ্জীব দাস, ভৱানীপুৰ , ১১ জানুৱাৰী: সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত নাওসৰকা পথাৰ আৰু চাউলীয়াবৰী ৰাজহ গাঁ‌ৱৰ এক বৃহৎ এলেকা আৱৰি একাংশ লোকে অবৈধভাৱে নিৰ্মান কৰা কদমতলা বজাৰ খন আজি প্ৰশাসনে উচ্চ নায়ালয়ৰ নিৰ্দেশক্ৰমে উচ্ছেদ অভিযান চলায় । জানিব পৰা মতে , সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা চাউলীয়াবৰী গাওঁ পঞ্চায়তৰ অধীনৰ চাউলীয়াবৰী ৰিজাৰ্ভত থকা ২৩ বিঘা ১৪ লেচা ,নাওসৰকা পথাৰৰ ২২৯ নং দাগৰ ১০০ বিঘা , ৫২ নং দাগৰ ৪৭৮ বিঘা ১ কঠা ৮ লেচা মাটিকালি আৱৰি থকা বৃৃহৎ চৰকাৰী গোচৰণীয়া পথাৰ খনত বিগত আজি বহু বছৰ ধৰি একাংশ লোকে অবৈধভাৱে বহু সৰু বৰ ব্যৱসায়ী প্ৰতিষ্ঠান , বাসগৃৃহ , প্ৰাইভেট স্কুল , উদ্যোগ -প্ৰতিষ্ঠান আদিকে ধৰি আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মান কৰি উক্ত গো চৰণীয়া পথাৰখন দখল কৰি থকা বুলি এক অভিযোগ উথাপন হৈ আহিছিল । ইফালে উক্ত অভিযোগৰ আঁ‌ত ধৰিয়ে বিগত ' ১৭ চনতে  চৰকাৰে উচ্ছেদ অভিযান চলায় উক্ত ৰিজাৰ্ভত অবৈধভাৱে নিৰ্মান কৰা বহু বাসগৃৃহ , দোকান গৃৃহ , মছজিদ আদি উচ্ছেদ কৰি প্ৰশাসনে ৰিজাৰ্ভখন বেদখল মুক্ত কৰাৰ প্ৰয়াস কৰিছিল যদিও কিবা এক চৰকাৰী মেৰপেচৰ বাবে উক্ত উচ্ছেদ অভিযান আধাতে সামৰিব লগা হৈছিল বুলি আন এক অভিযোগ উত্থাপন হৈছিল  । কিন্তু এই উচ্ছেদ অভিযান আধাতে কিয় সামৰিব লগা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰাৰ উপৰি   এই উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰি উক্ত চৰকাৰী গোচৰণীয়া পথাৰ খন বেদখল মুক্ত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি সৰুপেটাৰ সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা সঞ্জয় কুমাৰ মেধীয়ে গুৱাহাটী উচ্চ ন্যায়লয়ত এখন পিআইএল ( PIL NO. 19/2019 ) দাখিল কৰে ।  ইফালে যোৱা ২৫ নবেম্বৰত উক্ত পিআইএল খনৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়লয়ে বৰপেটা জিলাৰ উপায়ুক্ত আৰু সৰুপেটা ৰাজহ চক্ৰ বিষয়াক উক্ত এলেকাত অবৈধভাৱে নিৰ্মান কৰা কদমতলা বজাৰ খন অতিশীঘ্ৰে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পুণৰ এই উচ্ছেদ অভিযানৰ তথ্য জনাৰ বাবে অহা ৩ ফেব্ৰুৱাৰীত আন এক শুনানীৰ দিন ধাৰ্য কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি পুৱা প্ৰায় ৮-৩০ মান বজাতেই সৰুপেটা ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল প্ৰতীম কোৱৰৰ নেতৃৃত্বত আৰক্ষীৰ এক বিশাল বাহিনী সহ প্ৰশাসনৰ দল এটাই এক্সেভেটৰ লৈ কদমতলা বজাৰখন এফালৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে । আজিৰ  উক্ত উচ্ছেদ অভিযানত অবৈধভাৱে নিৰ্মান কৰা প্ৰায় ৬৫ খন সৰু বৰ দোকান গৃৃহ তথা ব্যৱসায়ী প্ৰতিষ্ঠান , এখন প্ৰাইভেট  স্কুল , জিৰণী চৰা আদি এক্সেভেটৰেৰে ভাঙি অবৈধভাৱে স্থাপন কৰা কদমতলা বজাৰখন সম্পুৰ্নভাৱে  উচ্ছেদ কৰে । ইয়াৰ লগতে উক্ত চৰকাৰী গো চৰণীয়া পথাৰখনত একাংশ লোকে অবৈধভাৱে নিৰ্মান কৰা প্ৰায় কুৰিটামান মাছৰ পুখুৰীও আজি উচ্ছেদ কৰা হয় বুলি জানিব পৰা গৈছে । তদুপৰি আন এক উল্লেখযোগ্য যে , প্ৰায় ছয় শতাধিক মাটিকালিৰে আৱৰা উক্ত চৰকাৰী গো চৰণীয়া নাওসৰকা পথাৰখনক তদানিন্তন অগপ চৰকাৰে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃৃতিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ নগৰ হিচাপে ঘোষনা কৰি তাত উত্তৰ পুৱ বন সংপালক মহাবিদ্যালয় স্থাপন কৰিম বুলি ঘোষনা কৰিছিল  । আনকি তাত উত্তৰ পুৱ বন সংপালক মহাবিদ্যালয় স্থাপনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আধাৰশিলাও স্থাপন কৰিছিল । কিন্তু সকলো আজিকোপতি ফুটুকাৰ ফেনত পৰিনত হোৱাৰ লগতে উক্ত নাওসৰকা পথাৰ খনত একাংশ লোকে অবৈধভাৱে দখল কৰি অহাৰ লগতে তাত এখন বজাৰো স্থাপন কৰি লৈছিল । আনহাতে উক্ত গো চৰণীয়া পথাৰখন বেদখল মুক্ত কৰি তাত চৰকাৰী বৃৃহৎ অনুস্থান প্ৰতিস্থান স্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত ৰাইজে দাবী উত্থাপন কৰি আহিছিল । গতিকে আজিৰ এই উচ্ছেদ অভিযানে স্থানীয় সচেতন মহলক উৎসাহিত কৰা পৰিলক্ষিত হ'য় । ইফালে আজিৰ এই উচ্ছেদ অভিযানত সৰুপেটা ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল প্ৰতীম কোৱৰৰ উপৰি ৰাজহ বিষয়া জোনালী ৰাভা , সৰুপেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নজ্যোতি ডেকাৰ লগতে বহু কেইগৰাকী প্ৰশাসনৰ লোকে আজি উচ্ছেদ অভিযানত উপস্থিত থাকি সমগ্ৰ অভিযানটো পৰ্যবেশন কৰে । তদুপৰি বজালী মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীৰ লগতে বজালী আৰক্ষী চক্ৰ বিষয়া গৰাকীয়েও উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদ অভিযানৰ বুজ লয় । 


No comments