গণবাৰ্তা ৰামপুৰ, ১ জানুৱাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত '...
গণবাৰ্তা ৰামপুৰ, ১ জানুৱাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত 'অৱসৰ সম্বৰ্দ্ধনা সভা'ত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰবক্তাদ্বয় ক্ৰমে চিৰাজুল হক চৌধুৰী আৰু গীতিকা গোস্বামীৰ 'অৱসৰ সম্বৰ্দ্ধনা সভা'খন যোৱা ৩০ ডিচেম্বৰত কলেজ পৰিচালনা সমিতিৰ সভাপতি দীনেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাত কলেজখনৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সেখ মোবাৰক হুছেইন, মৰোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিদ্যা মেধি প্ৰমুখ্যে বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰবক্তা আদিয়ে দুয়োগৰাকী অৱসৰী প্ৰবক্তাৰ বিষয়ে জীৱন-কৃতি আলোকপাত কৰে। লগতে ফুলাম গামোচা, জাপী, শৰাই, গ্ৰন্থ, কলম আদিৰে বিপুলভাৱে সম্বৰ্দ্ধনা জনায়। উল্লেখযোগ্য যে উক্ত সভাত অৱসৰী প্ৰবক্তা গীতিকা গোস্বামীয়ে ৰচনা কৰা 'হেঁপাহৰ স্বৰলিপি' শীৰ্ষক গ্ৰন্থখন সহকৰ্মীবৃন্দৰ হাতত অৰ্পণ কৰে। আকৌ গীতিকা গোস্বামীয়ে নিজৰ মাতৃৰ নামেৰে প্ৰতিষ্ঠা কৰা 'কল্পনা প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশিত আৰু কলেজৰ প্ৰবক্তা তথা বিশিষ্ট প্ৰগতিশীল লেখক পৰীক্ষিত বৈশ্যৰ দ্বাৰা ৰচিত 'মানুহৰ মানুহ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডাঃ মনোজ গোস্বামীয়ে। উক্ত গ্ৰন্থখন লেখক শ্ৰীবৈশ্যই সভাত উপস্থিত থকা শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ হাতত অৰ্পণ কৰে।
No comments