Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাত চোৰাং চিকাৰী : বনকৰ্মীৰ গুলী

গণ বাৰ্তা, বোকাখাত ,২৭ জানুৱাৰী  : গণতন্ত্ৰ দিৱসৰ দিনা চোৰাং চিকাৰীয়ে কাজিৰঙাত গঁড় নিধন চেষ্টা চলোৱাৰ কথা জানিব পৰা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয়...


গণ বাৰ্তা, বোকাখাত ,২৭ জানুৱাৰী  : গণতন্ত্ৰ দিৱসৰ দিনা চোৰাং চিকাৰীয়ে কাজিৰঙাত গঁড় নিধন চেষ্টা চলোৱাৰ কথা জানিব পৰা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বন বিষয়া চেলিম আহমেদে জানিব দিয়া মতে কালি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত আৰিমৰা খন্ড বন কাৰ্যালয় এলেকাত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰৰ বালিত অচিনাক্ত লোকৰ খোজ প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে । চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰবেশ কৰাৰ সন্দেহত বনকৰ্মীয়ে অভিযান চলায় । বন বিভাগৰ পোহনীয়া হাতীৰে চোৰাং চিকাৰীৰ খোজ অনুসৰণ কৰি থাকোতে সন্ধিয়া হৈ পৰে । তেনে সময়তে অৰ্থাৎ কালি সন্ধিয়া কাৰ্তিকা চাপৰিত বনকৰ্মীয়ে দুটা চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰে । চোৰাং চিকাৰীৰ দুজনীয়া দলটোৰ সৈতে বনকৰ্মীৰ মুখামুখী হোৱাত কাজিৰঙাৰ বনকৰ্মীয়ে কেইবাজাই গুলী কৰে যদিও আন্ধাৰৰ সুবিধা লৈ পলায়ণ কৰিবলৈ সক্ষম হয় । ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ গগৈয়ে জানিব দিয়া মতে দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক গুৰুত্ব দিয়াত ৰাষ্ট্ৰীয় উদ্যানখনৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে । যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষা দিয়াৰ দ্বায়িত্ব অধিক বাঢ়ি গৈছে । কালি চোৰাং চিকাৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনকৰ্মীয়ে দেখা পোৱাৰ পিছত বন বিষয়াৰ লগতে জখলাবন্ধা আৰু কহঁৰা আৰক্ষীয়ে যুটীয়াভাৱে নিশাৰ ভাগত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই যদিও চোৰাং চিকাৰীৰ কোনো সম্ভেদ লাভ কৰিব নোৱাৰিলে বুলি বন সংমন্ডল বিষয়াই জানিব দিয়ে ।

No comments