Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত ২৭ লাখটকীয়া নাওপোটাজান পানীদুৱাৰ আঁচনি ধোঁৱাচাঙত ; চৰকাৰ-বিভাগে আৰু কিমান দিনলৈ তামাচা চাব কৃৃৃষক ৰাইজৰ

  গণবাৰ্তা, ছিপাঝাৰ, ১৭ জানুৱাৰী:  দৰঙৰ পশ্চিমাঞ্চৰ দিমীলা নদীৰ মথাউৰিত ১৯৮৬-৮৭ চনতে মঙলদৈ জলসম্পদ বিভাগে ২৭ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মান...


 গণবাৰ্তা, ছিপাঝাৰ, ১৭ জানুৱাৰী: দৰঙৰ পশ্চিমাঞ্চৰ দিমীলা নদীৰ মথাউৰিত ১৯৮৬-৮৭ চনতে মঙলদৈ জলসম্পদ বিভাগে ২৭ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা পানী দুৱাৰ আঁচনিখন ধোঁৱাচাঙত উঠাৰ উঠাৰ অভিযোগ উত্থাপন হৈছে।কিয়নো নাওপোটা-দুৰদুৰীয়া গাঁৱৰ ৰাইজৰ খেতিপথাৰ পৰা চাৰিফুট ওখকৈ নিৰ্মান কৰাত পথাৰৰ পানী ভাগ পানী দুৱাৰৰে ওলাই যাব নোৱাৰাত বছৰৰ ছমাহ কালেই পাইৰ সদৃশতাৰে পথাৰত পানী জমা হৈ থকাত আঁচনি খন বিকল হৈ পৰি আজিও একেদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে। অঞ্চলবাসী ৰাইজে বিভাগৰ লগতে প্ৰতিনিধিৰ ওচৰত আঁচনি মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিলে যদিও আজিও একো এটাকে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে। অন্যহাত পানী দুৱাৰ খনৰে খেতিপথাৰ পানী ওলাই যাবলৈ নোৱাৰাৰ বাবে আৱদ্ধ পানীৰ হেঁচাত ওচৰতে ২০০৪ চনতে দুৰদুৰীয়াত দিমীলা নদীৰ মথাউৰিৰ প্ৰায় এশমিটাৰ দৈৰ্ঘ্য জুৰি ছিগি পেলোৱাৰ পিছত আজি সুদীৰ্ঘ ষোল্লটা বছৰে বিভাগৰ দ্বাৰা মেৰামতি নোহোৱাকৈ পৰি থকাত গাঁও দুখনৰ ৰাইজৰ নাজল- নাথল অৱস্থাৰ  সৃৃষ্টি হৈছে।ছিগা অংশটি মেৰামতিৰ বাবে ৰাইজে আবেদন নিবেদন, দাবী অনুুুৰোধ জনাই অহাৰ পিছতো আজিও‌ একো এটা ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্যম্বিত হৈ পৰিছে অঞ্চচলটোৰ ৰাইজ।

No comments