Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ মোৰাঝাৰত অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ কৰ্মশালাৰ সফল সামৰণি; মুকলি সভাত ছাদিকুজ জামানৰ “এজাক বৈৰী মানুহৰ সমাজ উন্মোচন”

ছাদিকুজ জামান মোৰাঝাৰ/হোজাই ১০ জানুৱাৰী : হোজাইৰ মোৰাঝাৰত দুদিনীয়াকৈ বৰপুখুৰীৰ(পীৰবজাৰ) মাৰাম একাডেমীত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থা...


ছাদিকুজ জামান মোৰাঝাৰ/হোজাই ১০ জানুৱাৰী : হোজাইৰ মোৰাঝাৰত দুদিনীয়াকৈ বৰপুখুৰীৰ(পীৰবজাৰ) মাৰাম একাডেমীত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত জিলা ভিত্তিক অসমীয়া আখৰ জোঁটনি আৰু উচ্চাৰণ  কৰ্মশালাখন হৈ যায়। প্ৰথম দিনাৰ কৰ্মশালাত হোজাই, মোৰাঝাৰ, পদুমনি,পীৰবজাৰ,বৰপুখুৰী,চাৰিংপথাৰ আদি অঞ্চলৰ অসমীয়া মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই উপলক্ষে পুৱা ৯-০০বজাত  ব্যৱস্থাপক শাখা সাহিত্য সভা, যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি চাবিৰ আহমেদে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি শাখা সভাপতিগৰাকীয়ে অসমৰ জাতীয় মহাসভাখনৰ জন্মৰ এশ চাৰিবছৰৰ অন্তত জিলাখনৰ উত্তৰদিশৰ অত্যন্ত পিচপৰি থকা বৰপুখুৰী এলেকাত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ পতাকাখন উত্তোলন কৰিবলৈ পাই শাখা সভাপতি হিচাপে  ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমীয়া ভাষা আৰু জাতিৰ সংকট মুক্তৰ বাবে সকলোকে মাৰবান্ধি থিয় দিবৰ সময় সমাগত বুলি কয়।কৰ্মশালাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ড: সাৰদানন্দ দেৱগোস্বামীয়ে ভাষাটোক বিজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে উঠি অহা চামক এনেধৰণৰ কৰ্মশালাৰ মাধ্যমত অসমীয়া ভাষাৰ কালিকাখিনি উপলব্ধি কৰাবই লাগিব বুলি কয়। ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগতে বিষয় শিক্ষকসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰা আৱশ্যক বুলি কয়।শিক্ষকেই যদি উচ্চাৰণ অশুদ্ধকৈ কৰে ছাত্ৰই ক’ৰ পৰা শুদ্ধকৈ শিকিব। দুদিনীয়া কৰ্মশালাখনৰ মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড:নিৰলা দেৱী আৰু সহ-সমল ব্যক্তিৰূপে চয়নিকা ডেকা।দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বৰ্ণৰ উচ্চাৰণ আৰু বানান সম্পৰ্কে বিতংকৈ প্ৰশিক্ষণ দিয়ে।উল্লেখ্য যে, প্ৰথম দিনাৰ কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বৰবৰ্ণ আৰু ব্যজ্ঞনবৰ্ণৰ সঠিক উচ্চাৰণ কেনেকৈ কৰিব লাগে তাৰবাবে প্ৰশিক্ষণ প্ৰদান কৰে ড:সাৰদানন্দ দেৱগোস্বামী আৰু  আবৃত্তিকাৰ অচ্যুত ঠাকুৰীয়াই। জিলা সভাপতি ড: গুণেশ্বৰ শইকীয়াৰ উপস্থিতিত  কৰ্মশালাখনৰ সামগ্ৰীক পৰিচালনাৰ দায়িত্বত জিলা সভাৰ সহকাৰী সম্পাদক যোগেন দত্ত, ৰামধেনু উপ -সমিতিৰ আহ্বায়ক প্ৰতাপ বৰুৱা, শাখাৰ সভাপতি ছাবিৰ আহমেদ,শাখা সম্পাদক ছাদিকুজ জামান আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক আবু চুফিয়ান আদিয়ে সেৱা আগবঢায়।হোজাই জিলা সাহিত্য সভাৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে লোৱা প্ৰয়াসৰ প্ৰতি অঞ্চলবাসীয়ে দেখুৱা অকুণ্ঠ সহযোগে জাতীয় মহাসভাখনৰ প্ৰতি থকা সিবিলাকৰ একাত্মতা অধিক দৃঢ হোৱা পৰিলক্ষিত হৈছে।কৰ্মশালাৰ অন্তত দেওবাৰে জিলা সভাপতি ড:গুণেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে জিলা সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে৷ শাখা সম্পাদক ছাদিকুজ জামানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত  বিশিষ্ট অতিথি হিচাপে অধ্যাপক ড: হাচিনুচ চুলতান উপস্থিতি থাকি আজিকালি অসমীয়া ভাষা ব্যৱহাৰ কৰা সকলে সততে জানি বা নাজানি কৰি অহা বানানৰ ক্ষেত্ৰত এক গুৰুত্ব বক্তব্য প্ৰদান কৰে। মুকলি সভা তথা গ্ৰন্থ উন্মোচনী সভাত  বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই  উন্মোচক হিচাপে কবি ছাদিকুজ জামানৰ কাব্যপুথি ‘এজাক বৈৰী মানুহৰ সমাজ’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে।বেজবৰুৱাই গ্ৰন্থ উন্মোচন কৰি হোজাই জিলাৰ সাহিত্য জগতৰ এক পৰিচিত নাম ছাদিকুজ জামান বুলি কৈ প্ৰশংসা কৰি এক বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে৷সভাখনত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড: নিৰলা দেৱী আৰু হোজাই সাহিত্য সভাৰ সভাপতি ডা: শ্বামছুল হকে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বলতাৰ লক্ষ্যৰে ভাষণ প্ৰদানৰ অন্তত প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। সভাৰ শেষত সভাপতি ড: গুণেশ্বৰ শইকীয়াই অসম সাহিত্য সভাৰ উদ্দেশ্য আৰু লক্ষ্যৰ দিশত দুদিনীয়া কৰ্মশালাখন এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি বৃহত্তৰ অসমীয়া জাতি গঠণৰ দিশত জাতি,ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমবাসীৰে কৰণীয়খিনি নিষ্ঠাৰে আগবঢাবলৈ আহ্বান জনায়।এই সভাতে কবি তথা লেখক মোস্তাফা আহমেদ,হোজাই সাহিত্য সভাৰ সভাপতি ডা° স্বামছুল হক,নীলবাগান শাখা সাহিত্য সভাৰ সভাপতি আইনুল হক চৌধুৰীকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ শেষত যমুনাপৰীয়া শাখাৰ সম্পাদক ছাদিকুজ জামানে শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীতেৰে অন্ত পৰে অনুষ্ঠান৷

No comments