সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি ৭ জানুৱাৰী: নতুন বছৰৰ পহিলাতে দ্বীপ জিলা মাজুলীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে এক নতুন কৃষি আন্দো...
সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি ৭ জানুৱাৰী: নতুন বছৰৰ পহিলাতে দ্বীপ জিলা মাজুলীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে এক নতুন কৃষি আন্দোলন৷ যাৰ নাম "মাশ্বৰুম"৷ মাশ্বৰুমৰ প্ৰসাৰ আৰু প্ৰচাৰ, মাশ্বৰুমৰ বজাৰ৷ এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰভূমিত এই বেলি অনুষ্ঠিত হৈছে সদৌ অসম মাশ্বৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ২০২১ অনুষ্ঠিত হৈছে৷ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস ক্ৰিয়া ক্ষেত্ৰত ৰাজ্যৰ "সদৌ অসম মাশ্বৰুম উৎপাদক সন্থা' আৰু "কিষাণ মৰ্চা " বিজেপি, অসম প্ৰদেশৰ যুটীয়া উদ্যোগত আৰু ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম মাশ্বৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস মাজুলীত আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় ।অনুষ্ঠানত ৰাজ্যৰ উজনি নামনি সামৰি ভিন্ন জিলাৰ পৰা ৮০০ৰো অধিক মাশ্বৰুম উৎপাদকে অংশ গ্ৰহন কৰে৷ ইয়াৰ লগতে মাশ্বৰুম আৰু অন্য কৃষিৰো প্ৰদৰ্শনী অনুষ্ঠিত হয়৷ মাজুলীৰ কৃষি ক্ষেত্ৰ বা ৰাজ্যৰ কৃষি ক্ষেত্ৰ খনত মাশ্বৰুমৰ উৎপাদন বা মাশ্বৰুমৰ কৃষি বিপ্লৱ কেনেদৰে আৰম্ভ কৰিব পাৰি তাৰ ওপৰত গুৰু আলোচনা চক্ৰ অনুষ্ঠিত ৰয়৷ যত ৰাজ্যৰ বিশিষ্ট কৃষি বিজ্ঞানীয়ে ভাগ লৈ বক্তৃতা দিয়ে৷
No comments