Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপি সাম্প্ৰদায়িক দল নহয়: কাছুমাৰাত বিজেপিৰ সভাত মুক্তাৰ হুছেইন খান

  গণবাৰ্তা, নগৰবেৰা, ১০ জানুৱাৰী :সমাগত বিধান সভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল নিজৰ নিজৰ সাংগঠনিক মজবুত কৰাৰ বাবে চেষ্টা অব...

 


গণবাৰ্তা, নগৰবেৰা, ১০ জানুৱাৰী :সমাগত বিধান সভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল নিজৰ নিজৰ সাংগঠনিক মজবুত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখি নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে চেঙা সমষ্টিতো নিৰ্বাচনী বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে ৷নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে সমষ্টিখনৰ কাছুমাৰা বজাৰত কালি আবেলি বিজেপি দলৰ এখন ৰাজহুৱা সভা অনুষ্টিত হৈ যায় ৷সভাখনত সভাপতিত্ব কৰে চেঙা মন্ডলৰ সভাপতি  ৰবেন পাঠকে ৷সভাত প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে উপস্তিত থাকি ভাষন প্ৰদান কৰে ৷ভাষনত তেওঁ বিজেপি দল দৰিদ্ৰ মানুহ দল৷এই দল কোন সাম্প্ৰদায়িক দল নহয় বুলি কৈ এইবাৰ চেঙা সমষ্টিৰ পৰা কংগ্ৰেছ দলক উৎখাত কৰি বিজেপি দলে সমষ্টি খন দখল কৰিব বুলি দাবী কৰে৷ভাষনত তেওঁ ইয়াকো উল্লেখ কৰে যে এই দল মামা ভাগিনৰ দল নহয় বুলি কৈ তেওঁ সমষ্টিখনৰ বিধায়ক শুকুৰ আলী আহমেদক পোনে পোনে লক্ষ্য কৰি বিধায়কজনে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰা বুলি তীব্ৰ সমালোচনা কৰে ৷সভাত জিলা সাধাৰন সম্পাদক বসন্ত ঠাকুৰীয়াই বিজেপি দলে যথেষ্ট উন্নয়নমুলক কামকাজ কৰিছে ৷শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈ সকলোৰ বাবে আঁচনি ঘোষনা কৰি দেশখনক উন্নতিৰ দিশে আগুৱাই নিবলৈ সক্ষম হৈছে বুলি নিজৰ ভাষণত নেতা গৰাকীয়ে উল্লেখ কৰে ৷সভাত বিজেপিৰ সমষ্টিৰ নিৰ্বাচন প্ৰভাৰী শ্বহিদুল ইছলামে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । ইছলামে ভাষনত সমষ্টিৰখনৰ বাট পথৰ দুৰৱস্তাৰ লগতে আন আন সমস্যা আজিও উন্নয়ন নহল বুলি কৈ আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক শুকুৰ আলীক পৰাজিত কৰি বিজেপিক জিকাবলৈ আহ্বান জনায় ৷চেঙা ব্লক মন্ডলৰ উদ্যোগত অনুষ্টিত হোৱা ৰাজহুৱা সভাখনত বিভিন্ন দলৰ পৰা দল ত্যাগ কৰি ৭জন কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ সভা খনত কেবাজনো বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকি চেঙা সমষ্টিৰ পৰা বিধায়ক শুকুৰ আলী আহমেদক বিদায় দি আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টি উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়।

No comments