গণ বাৰ্তা হাজো, ৮ জানুুৱাৰী : আগন্তুক অসম বিধান সভা নিৰ্বাচনত মিত্ৰতাৰ ক্ষেত্ৰত কাৰো সৈতে আপোচ কৰা হোৱা নাই --এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ ...
গণ বাৰ্তা হাজো, ৮ জানুুৱাৰী : আগন্তুক অসম বিধান সভা নিৰ্বাচনত মিত্ৰতাৰ ক্ষেত্ৰত কাৰো সৈতে আপোচ কৰা হোৱা নাই --এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ। শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মিলনভুমি তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্গাহত আজি দিনৰ বাৰ বজাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সহ এটি কংগ্ৰেছ দলৰ সৈতে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙ উপস্থিত হৈ আশীষ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এনেদৰে মন্তব্য কৰে। প্ৰকৃতিৰ ৰম্যভুমি তীৰ্থনগৰী হাজোৰ মনোৰমা দৃশ্য উপভোগ কৰি অভিভুত হোৱা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সিঙে সাংবাদিকৰ আগত মন্তব্য ৰাখি পুনৰ কয়, বিজেপিয়ে কামত কৈ কথাহে বেছিকৈ কয়। তেওঁ লোকে মিথ্যাচাৰৰহে প্ৰতিশ্ৰুতি দি আহিছে। আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ মিছন এশ প্লাছ ফ্লপ শ্বোলৈ পৰ্যাবসিত হব। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰাইজৰ সহযোগত সংখ্যা গৰিষ্ঠতা অৰ্জনেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ পুণৰ কয় ; সদ্যত্যাগী কংগ্ৰেছৰ নেতা- কৰ্মী একাংশই দলীয় পদবী নাপায়হে আতৰি গৈছে। অসমীয়া জাতিৰ ভবিষ্যতৰ কথা দোহাৰি আগন্তুক নিৰ্বাচন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ যুজঁ নহয়, অসমৰ ভেটি-সংস্কৃতি ৰক্ষাৰ যুজঁ বুলিহে তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় নেতা গৰাকীক সংগ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত কয়, বিজেপিয়ে নিৰ্বাচনক লৈ যি অজুত সপোন ৰচিছে,সেয়া কেতিয়াও বাস্তৱায়িত নহয়। কংগ্ৰেছৰ দলীয় নেতৃত্বৰ মাজত মতৰ অমিল হলেও আদৰ্শৰ অমিল কেতিয়াও নহয়। আজিৰ এই দৰ্শন কালত ৰাষ্ট্ৰীয় নেতা গৰাকীক সংগ দিয়ে ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথিৰাজ প্ৰভাকৰ, এ আই চি চিৰ সাধাৰণ সম্পাদক অনিৰুদ্ধ সিং,বিকাশ উপাধ্যায়, আদিত্য শৰ্মা, ছয়গাও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনেশ্যাম কলিতা, নুৰ মহম্মদ, বাপুকন আলী, প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক,মৃদুল মালাকাৰ , সহ কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে। ইয়াৰ পূৰ্বে হাজো ব্লক কংগ্ৰেছৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় নেতা সিঙক পিতলৰ শৰাই, ফুলৰ থোপা আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনাই জিলা পৰিষদৰ সদস্য ৰুবুল আলীয়ে।
No comments