গণবাৰ্তা,ছিপাঝাৰ,২৫ জানুৱাৰী: ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ মাতৃ কাঞ্চন ৱালা শইকীয়া(৮৫) ৰ আজি পৰলোক প্ৰাপ্তি হয়।দী...
গণবাৰ্তা,ছিপাঝাৰ,২৫ জানুৱাৰী: ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ মাতৃ কাঞ্চন ৱালা শইকীয়া(৮৫) ৰ আজি পৰলোক প্ৰাপ্তি হয়।দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ধৰ্মপ্ৰান মহিলা তথা শিক্ষয়িত্ৰী কাঞ্চনৱালা শইকীয়া।আজি গুৱাহাটীস্থ জি এন আৰ চিত বিয়লি প্ৰায় ৩.১৮ বজাত শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে মাতৃ হাৰা হয় বিধায়ক বিনন্দ শইকীয়া।উল্বেখ্য যে ১৯৫১ চনতে কাঞ্চনৱালাই এম ভি উত্তীৰ্ণ হৈ মাৰৈ বালিকা প্ৰাথমিক বিদ্যালয়ত ১৯৫২ চনত শিক্ষকতা জীৱনৰ পাতনি মেলিছিল।তাৰ পিছত বৈবাহিক সুত্ৰে দুনীত থিতাপি লোৱাৰ পিছত মাহৰিপাৰা,বৰবৰী,গভৰা দলংঘাটত শিক্ষকতা কৰি শেষত ১৯৯৭ চনত দুনী মজলীয়া বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰে।অঞ্চলটোত নাৰী শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ আদৰ্শৱান নাৰী কাঞ্চনৱালা শইকীয়াই অঞ্চলটোত ধৰ্মপ্ৰান মহিলা হিচাপেও বেচ পৰিচিত আছিল।মৃত্যুৰ সময়ত সুযোগ্য সন্তান বিধায়ক বিনন্দ শইকীয়া সহ তিনি পুত্ৰ বোৱাৰী,নাতি-নাতিনী এৰি থৈ যায়। তেওঁৰ মৃত্যুত ছিপাঝাৰ প্ৰেছ গীল্ড, সাহিত্য সভা, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ইন্দাদুল হক, ছিপাঝাৰ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামৰ সভাপতি নৱ কুমাৰ শইকীয়া, পশ্চিম দৰং প্ৰেছ ক্লাৱ, দুনী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
No comments