Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলগাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘাইপথ অবৰোধ ছাত্ৰ ছাত্ৰীৰ

  গনবাৰ্তা দলগাও, ২২ জানুৱাৰী:   দলগাঁৱৰ  পণ্ডিত দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰ...

 


গনবাৰ্তা দলগাও, ২২ জানুৱাৰী:  দলগাঁৱৰ  পণ্ডিত দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে  বসন্ত দাস নামৰ    ছাত্র এজন  পৰীক্ষা দি  ঘৰলৈ গৈ থকাৰ অৱস্থাত দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজ মজিয়াত   বিপৰীত দিশৰ পৰা অহা   AS 01 KC  5655 নম্বৰৰ  ব মালবাহী মেজিক বাহন এখনে খুন্দিয়াই । ফলত ছাত্ৰ জনৰ সো হাত ভাঙি   গুৰুতৰ ভাৱে আহত হয় । উল্লেখযোগ্য যে আহত ছাত্ৰ জনক ততাতৈয়াকৈ দলগাওঁ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও ডাক্টৰ নাৰ্চ নথকাত ৱাৰ্ড বয় এজনে প্ৰাথমিক চিকিৎসা প্ৰদান  কৰি উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উক্ত ঘটনাক কেন্দ্র কৰি মহাবিদ্যালয়ৰ ছাত্র সকলে ১৫ নং  ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দলগাওঁ আৰক্ষী হায় হায় , ট্ৰেফিক পুলিচ হায় হায়, তীব্ৰ বেগি গাড়ী চালকৰ অতপালি বন্ধ কৰক , ট্ৰেফিক চেকিঙৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে দলগাঁৱৰ ৰাজপথ । যাৰ বাবে বহু সময় আবদ্ধ হৈ থাকে যান বাহন সমূহ  ।

No comments