Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিক্ষক জিতেন শইকীয়াক বিদায় সম্বৰ্ধনা

  গণ বাৰ্তা, ফুলনি, ০১ জানুৱাৰী: শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক  জিতেন শইকীয়াই শিক্ষকতা জীৱনৰ পৰা  অৱসৰ গ্ৰহন ক...

 


গণ বাৰ্তা, ফুলনি, ০১ জানুৱাৰী: শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক  জিতেন শইকীয়াই শিক্ষকতা জীৱনৰ পৰা  অৱসৰ গ্ৰহন কৰা উপলক্ষত আজি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে এক অনুষ্ঠানৰ জৰিয়তে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । বিজ্ঞান শিক্ষক অসীম হাজৰিকাই আঁতধৰা সভাখনিত সভাপতিত্ব কৰে অধ্যক্ষ দিনাৰাম বৰাই । উপস্থিত শিক্ষক কৰ্মচাৰীসকলে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে শ্ৰীৰাম বনমালী দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়  প্ৰতিস্থাৰ পৰা সেৱা আগবঢ়াই অাজি অৱসৰ গ্ৰহণ কৰা দিনালৈকে সুদীৰ্ঘ ৩৭  বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াই সুখ্যাতিৰে কৰ্মজীৱন পৰিসমাপ্তি ঘটোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী বৃন্দই বিদায়ৰ মুহূৰ্তত তেওঁৰ কৰ্মৰাজী শলাগ লয়।শিক্ষক হিচাপে অতি দক্ষতাৰে সেৱা আগবঢ়াই বিদ্যালয়ৰ পাঠদানকে ধৰি সকলো দিশতে সহযোগিতাৰে সেৱা আগবঢ়োৱা শিক্ষক গৰাকীৰ অনুপস্থিতিত বিদ্যালয়খনে যথেষ্ট   অসুবিধাৰ সন্মুখীন হব বুলিও শিক্ষক গোটে গভীৰ দুখ প্ৰকাশ কৰে।  বিদায়ী শিক্ষক গৰাকীৰ অৱসৰী জীৱন সুখময়, সুস্বাস্থ্য  আৰু দীৰ্ঘায়ু হোৱাৰ কামনা কৰি সহকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকলে পাটৰ চেলেং, শৰাই আৰু ধৰ্মীয় পুঠিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।


No comments