সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ জানুৱাৰী : মনোবৃত্তি, সততা, আত্মীয়তাবোধ যি মানুহৰ নাই, সংস্কৃতিৰ প্রতি যি মানুহৰ আগ্রহ নাই সেই মানুহ মানু নহয় |আক...
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ জানুৱাৰী : মনোবৃত্তি, সততা, আত্মীয়তাবোধ যি মানুহৰ নাই, সংস্কৃতিৰ প্রতি যি মানুহৰ আগ্রহ নাই সেই মানুহ মানু নহয় |আকৃতিত অকল মানুহ হ'লে নহ'ব মানুহৰ প্রবৃত্তিও থাকিব লাগিব |আজি সমাজৰ বৃহৎ সংখ্যক লোকৰ স্খলন হোৱা দেখিবলৈ পোৱা গৈছে |তিনি- চাৰি কুৰি বছৰ আগতে মানুহৰ আত্মীয়তাবোধ, প্রেম আছিল | সেইসময়ত শিক্ষাৰ হাৰ যথেষ্ট কম আছিল |কিন্তু মানুহ আছিল |এতিয়া শিক্ষাৰ হাৰ যথেষ্ট বেছি হ'লেও মানুহৰ আধ্যাত্মিকতাবোধ নাই |যাৰফলত মানৱতাবোধ হেৰাই গৈছে ,এই মন্তব্য শ্রীমন্ত শংকৰদেৱ বঁটা প্রাপক, সত্রৰত্ন ,সত্রাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাৰ |ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আয়োজিত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত সত্রাধিকাৰগৰাকীয়ে লগতে কয় যে কৃষ্টি-সংস্কৃতি জীয়াই থাকিলেহে এটা জাতি জাতি হিচাপে জীয়াই থাকিব |কৃষ্টি-সংস্কৃতিৰ উৎকৰ্ষ হ'ব লাগিব |জাতিৰ অনুষ্ঠানবিলাক কৃষ্টি-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবেই গঢ়ি তোলা হয় |সাত দিনীয়াকৈ আয়োজন কৰা পহুমাৰা মহোৎসৱৰ সভাপতি পুলকানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত তথা মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই আঁত ধৰা উদ্বোধনী সভাখনত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মাধুৰ্য মণ্ডিত বৰুৱা, ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, প্রাক্তন বিধায়ক ড০ মনোৰঞ্জন দাস, সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্রাঞ্জল প্রতীম কোঁৱৰ ,ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীন উজীৰ, প্রাক্তন অধ্যক্ষ অজিৎ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে |সভাখনত সৰুপেটা, ভৱানীপুৰ অঞ্চলৰ দহগৰাকী বিভিন্ন ক্ষেত্রৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় |উল্লেখযোগ্য যে পহুমাৰা মহোৎসৱত আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ ,স্মৃতি তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ভৱানীপুৰৰ চৌপাশেৰে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় |শোভাযাত্ৰা উদ্বোধন কৰে ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্রধানাচাৰ্য গোপাল বায়নে |
No comments