Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাই জিলা পৰিবহন বিভাগ আৰু ডবকা আৰক্ষীৰ ব্যতিক্ৰমী প্ৰয়াস ডবকা-হোজাইত : হেলমেট পৰিধান নকৰা বাইক আৰোহীক ফুল - চকলেট বিতৰণ

  কফিল বৰভুঞা,হোজাই, ২০ জানুৱাৰী:   আজি ডবকা চহৰৰ পুলিচ পইন্টত বাইক আৰোহীক ফুল আৰু চকলেট বিতৰণ কৰে আৰক্ষীয়ে ৷যান-বাহন আইন নমনা, হেলমেট পৰিধা...


 কফিল বৰভুঞা,হোজাই, ২০ জানুৱাৰী:  আজি ডবকা চহৰৰ পুলিচ পইন্টত বাইক আৰোহীক ফুল আৰু চকলেট বিতৰণ কৰে আৰক্ষীয়ে ৷যান-বাহন আইন নমনা, হেলমেট পৰিধান নকৰা, চালকৰ অনুজ্ঞাপত্ৰ নথকা মটৰ চাইকেল আৰোহীসকলক ডবকা চহৰৰ পুলিচ পইন্টত হোজাই জিলা পৰিৱহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া মখলিছুৰ ৰহমান আৰু ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপৰ্ণ গগৈয়ে হেলমেট নিপিন্ধা বাইক চালক সকলক একোটাকৈ ফুল আৰু চকলেট বিতৰণ কৰি যান বাহন আইন মানি চলিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ডবকা চহৰত হোজাই পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া মখলিচুৰ ৰহমানে ডবকা আৰক্ষীক লগত লৈ যান-বাহন আইন নমনাসকলৰ বিৰুদ্ধে এইদৰে ফুল আৰু চকলেট বিতৰণ কৰে ৷ ফুল আৰু চকলেট বিতৰণ কৰি যান - বাহন আইন মানি চলিবলৈ আৰক্ষী বিষয়া আৰু পৰিৱহন বিভাগৰ এনফৰ্চমেন্ট বিষয়াই পৰামৰ্শ প্ৰদান কৰে৷আজিৰ পৰা আৰম্ভ হোৱা এই অভিযান ফেব্ৰুৱাৰী মাহৰ ১৭ তাৰিখলৈ চলিব বুলি পৰিবহন বিভাগৰ বিষয়াই জনায় ৷ ডবকাৰ লগতে হোজাই চহৰতো আজি হেলমেট নিপিন্ধা সকলক ফুল আৰু চকলেট বিতৰণ কৰে পৰিহবণ বিভাগৰ কৰ্মকৰ্তাই ৷ এই কাৰ্য হোজাই জিলাৰ বিভিন্ন প্ৰান্তত চলিব ৷ আৰক্ষী আৰু পৰিবহণ বিভাগৰ ব্যতিক্ৰমী প্ৰয়াস আৰু পথ সজাগতা সভাক ৰাইজে প্ৰশংসা কৰে ৷ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপৰ্ন গগৈয়ে হেলমেট পৰিধান কৰি বাইক চলাবলৈ চালক সকলক আহ্বান জনায় ৷

No comments