গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ জানুৱাৰীঃ ডিব্ৰুগড়ৰ কনভয় ৰোড নিবাসী (আকাশবাণী ডিব্ৰুগড়ৰ সন্মুখত) চৰিফুল হুছেইনৰ কালি সন্ধিয়া বাৰ্ধক্য জনিত কাৰণত ম...
গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ জানুৱাৰীঃ ডিব্ৰুগড়ৰ কনভয় ৰোড নিবাসী (আকাশবাণী ডিব্ৰুগড়ৰ সন্মুখত) চৰিফুল হুছেইনৰ কালি সন্ধিয়া বাৰ্ধক্য জনিত কাৰণত মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত হুছেইনৰ বয়স আছিল ৭৮ বছৰ। ১৯৬২ চনত জন স্বাস্থ্য বিভাগত চাকৰি জীৱন আৰম্ভ কৰি ২০০২ চনত তিনিচুকিয়াত সেই বিভাগৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সকলোৰে মাজত চুইত হিচাবে পৰিচিত মৰহুম চৰিফুল হুছেইনে মৃত্যুৰ সময়ত ৩ জন পুত্ৰ আৰু ৩ গৰাকী জীয়ৰীৰ লগতে বোৱাৰী, নাতি-নাতিনীসহ পৰিয়ালৰ অনেক সদস্যক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। আজি স্থানীয় নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত চৰিফুল হুছেইনৰ জানাজা সম্পন্ন কৰা হয়।
No comments