গণ বাৰ্তা বিশেষ কলগাছিয়া, ১০ জানুৱাৰী : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কুমুলিপাৰাত যোৱা কিছুদিন ধৰি জুৱাৰীৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ এক...
গণ বাৰ্তা বিশেষ কলগাছিয়া, ১০ জানুৱাৰী : বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কুমুলিপাৰাত যোৱা কিছুদিন ধৰি জুৱাৰীৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে কুমুলিপাৰাৰ জনৈক মোতালেবৰ ঘৰত দিনে নিশাই চলিছে ঢাণ্ডি-মুণ্ডাৰ আড্ডা। ঢাণ্ডি-মুণ্ডাৰ এই আড্ডাত চলে কোটি টকাৰ খেল । এই আড্ডাত কোনোবাই সৰ্বস্বান্ত হয়, কাৰোবাৰ পকেট গৰম হয়। ৰাইজে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে বৰপেটা জিলাৰ পশ্চিম প্ৰান্তৰ লাংলাৰ আনিচুৰ ৰহমানৰ নেতৃত্বত চলিছে এই জুৱাৰ ৰমৰমীয়া খেল । জুৱাৰ আড্ডাৰ ফলত অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ চকুত ধুলি দি আনিচুৰ ৰহমানৰ নেতৃত্বত চলিছে এই জুৱা । কোনো লোকে অভিযোগ কৰিলেও তালৈ ভ্ৰুক্ষেপ নাই জুৱাৰী সকলৰ । প্ৰশ্ন উঠিছে কোনো অভিযোগৰ প্ৰতি ভ্ৰুক্ষেপ নকৰা জুৱাৰীয়ে কাৰ সাহসত চলাইছে এনে দৌৰাত্ম্য? বন্ধ হ'বনে জুৱাৰ আড্ডা? এইক্ষেত্ৰত বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ কঠোৰ নিৰ্দেশত লাংলাৰ আনিচুৰ ৰহমানৰ নেতৃত্বত চলা জুৱাৰ ৰমৰমীয়া ব্যৱসায় বন্ধ হব বুলি বৃহত্তৰ কুমুল্লিপাৰা অঞ্চলৰ ৰাইজে আশা প্ৰকাশ কৰিছে।
No comments