গণ বাৰ্তা দেওমৰনৈ, ১০ জানুৱাৰীঃদৰং জিলাৰ দেওমৰনৈগাঁও পঞ্চায়তৰ বিভিন্ন স্থানত অসম দৰ্শন আৰু লোক নিৰ্মাণ আঁচনিৰ অধীনৰ অনুমোদিত প্ৰায় চাৰি...
গণ বাৰ্তা দেওমৰনৈ, ১০ জানুৱাৰীঃদৰং জিলাৰ দেওমৰনৈগাঁও পঞ্চায়তৰ বিভিন্ন স্থানত অসম দৰ্শন আৰু লোক নিৰ্মাণ আঁচনিৰ অধীনৰ অনুমোদিত প্ৰায় চাৰি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগীয়া চাৰিটা কামৰ কালি শুভাৰম্ভণী কৰে।প্ৰথমে দৰঙৰ এটা অন্যতম সত্ৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণব দেওমৰনৈ সত্ৰৰ বাবে অসম দৰ্পন অাঁচনিৰ অনুমোদিত দহলাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিব লগীয়া সত্ৰৰ সংলগ্ন ভকতৰ 'অতিথি শালা'ৰ শুভাৰম্ভ কৰে। ইয়াৰ পিচতে বিধায়ক উন্নয়ন পূজিৰ পৰা লাভ কৰা নিৰানব্বৈ লাখ ৯৯ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগীয়া মঙলদৈ-মাজিকুছি পথৰ দেওমৰনৈ সাৰ্বজনীন শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজা থলীৰ পৰা দেওমৰনৈ মহাবিদ্যালয় সংযোগী পথ চোৱা নিৰ্মানৰ শুভাৰম্ভণী কৰে। আনহাতে দৰঙৰ এখন পৰ্যটন থলীলৈ পৰ্যবসিত হোৱা পাতিদৰঙস্থিত ঐতিহাসিক শ্ৰীশ্ৰী অৰ্দ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ বাবে অনুমোদিত দহ লাখ টাকাৰে নিৰ্মাণ হব লগীয়া যাত্ৰী জিৰণি গৃহ নিৰ্মাণৰ শুভাৰম্ভণী কৰে বিধায়ক গৰাকীয়ে।ইয়াৰোপৰি এক কোটি তিৰাশীলাখ টকা ব্যয় সাপেক্ষে পাতিদৰং-কৈকৰা পথৰ নিৰ্মাণ কাৰ্য্যৰো শুভাৰম্ভণী কৰাৰ লগতে পঁচিশ লাখ টকা ব্যয় সাপেক্ষে পাতিদৰং-দলপথাৰ সংযোগী পথ চোৱাৰ পুনৰ নিৰ্মাণৰো শুভাৰম্ভণী কৰে বিধায়ক গৰাকীয়ে। ইপিনে কালিৰ দিনটোতেই অসমৰ বিদেশী বহিস্কাৰ অান্দোলনত শ্বহীদ হোৱা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ স্বেচ্ছাসেবক বাহিনীৰ প্ৰাক্তন সৰ্বাধিনায়ক শ্বহীদ চন্দ্ৰ ডেকা ক্ষেত্ৰত বিধায়ক উন্নয়ন পূঁজিৰ অনুমোদিত পাঁচ লাখ টকা ব্যয়ৰে নিৰ্মান কৰি উলিওৱা পাতিদৰঙস্থিত নৱ জ্যোতি কলা কৃষ্টি সংঘৰ স্থায়ী গৃহৰ দ্বাৰ উন্মোচন কৰি ৰাইজক ঊছৰ্গা কৰে বিধায়ক গৰাকীয়ে। উল্লেখযোগ্য যে ১৯৬২ চনতে স্থাপিত নৱ জ্যোতি কলা-কৃষ্টি সংঘৰ নৱ নিৰ্মিত স্থায়ী গৃহৰ দ্বাৰ উন্মোচনী সভাত গৃহটিৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে।অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমিনাথ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দিৰাম ডেকা, দেওমৰনৈ গাঁও পঞ্চায়তৰ সভানেত্রী পদ্মাৱতী দেৱী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই আধৰুৱা হৈ থকা সংঘটোৰ আনুসংগিক কামৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
No comments