ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ৭ জানুৱাৰীঃ নলবাৰীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গনেশ মন্দিৰ খেলপথাৰ আৰু ধূৰকুছিত মহিলা আত্ম স...
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ৭ জানুৱাৰীঃ নলবাৰীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গনেশ মন্দিৰ খেলপথাৰ আৰু ধূৰকুছিত মহিলা আত্ম সহায়ক গোটৰ দুখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত বেংকৰ ঋণ আৰু সামূহিক বিনিময় পুঁজিৰ অনুমোদন আনুষ্ঠানিক ভাবে প্ৰদান কৰে গণেশ মন্দিৰ খেলপথাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পূৱ নলবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত আত্ম সহায়ক গোটৰ বেংক ঋনৰ অনুমোদন আৰু সামূহিক বিনিয়োগ পুুঁজিৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ- নিতুল ডেকা, পূৱ বতাহগিলা গাওঁ পঞ্চায়তৰ সভাপতি অঞ্জন তালুকদাৰ, প্ৰতুল কলিতা। আত্ম সহায়ক গোটক ৭ কোটি ৩০ লাখ টকাৰ বেংকৰ ঋণ আৰু ২০০ গোটক ৫০,০০০ টকাকৈ ১ কোটি সামূহিক বিনিয়োগ পূঁজি প্ৰদান কৰে।
ধূৰকুছিতোঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ উদ্যোগত আত্ম সহায়ক গোটৰ বেংক ঋণৰ অনুমোদন আৰু সামূহিক বিনিয়োগ পুঁজিৰ আনুষ্ঠানিক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অশোক শৰ্মাই। প্ৰায় ৩ সহস্ৰাধিক মহিলা উপস্থিত থকা উক্ত অনুষ্ঠানটো আত ধৰে চন্দন তালুকদাৰে ইয়াত ৩৫৫ টা আত্ম সহায়ক গোটক এক লাখৰ পৰা ৫ লাখ টকালৈকে মুঠ ৮ কোটি ৮১ লাখ ৬০ হাজাৰ টকাৰ বেংক ঋণ প্ৰদান কৰা হয়।১৪২ টা আত্ম সহায়ক গোটক ৫০ হাজাৰ টকাকৈ সামূহিক বিনিয়োগ পূঁজিৰ অধীনত ৭১ লাখ টকা প্ৰদান কৰা হয়।
No comments