Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশিষ্ট লেখক, কবি, গবেষক নৃপেন ৰয়ৰ দেহাৱসান; বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।

আজিজুল হক,  ভেল্লা , ২৮ জানুৱাৰীঃ  আজি ৰাতিপুৱা দেহাৱসান ঘটে কবিতাৰ মাজত জীৱনৰ সন্ধান বিচৰা, জীৱনৰ মাজত কবিতাৰ অন্বেষণ কৰা জীৱন যাত্ৰী বৰপেট...


আজিজুল হক,  ভেল্লা , ২৮ জানুৱাৰীঃ আজি ৰাতিপুৱা দেহাৱসান ঘটে কবিতাৰ মাজত জীৱনৰ সন্ধান বিচৰা, জীৱনৰ মাজত কবিতাৰ অন্বেষণ কৰা জীৱন যাত্ৰী বৰপেটাৰ বিশিষ্ট কবি, লেখক নৃপেন ৰয়(৫৭)ৰ । বৰপেটাৰ বিষ্ণুপুৰস্থ নিজ বাসগৃহত বিয়োগ ঘটে বিশিষ্ট লেখক গৰাকীৰ। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ। আজি ৰাতিপুৱা প্ৰায় ৪ঃ৩০ বজাত তেওঁৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ বৰপেটাত শোকৰ ছাঁ পেলায়। ৰাতিপুৱাৰে পৰা অগণন গুণমুগ্ধৰ সোঁত বয় তেওঁৰ বাসগৃহলৈ। বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তিৰ লগতে সাধাৰণ ৰাইজে তেওঁৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায়। ৰয়ৰ পিতৃ প্ৰয়াত প্ৰহ্লাদ চন্দ্ৰ ৰয়ৰ ঘৰ পাটাছাৰকুছিৰ নিজসৰিহত আছিল । উল্লেখযোগ্য যে, ১৯৬১ চনৰ ২৬ জুনত নলবাৰীত জন্ম গ্ৰহণ কৰা বিশিষ্ট কবি, লেখক নৃপেন ৰয়ে নলবাৰীতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰি পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক(বিজ্ঞান) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ। ১৯৯০ চনত বৰপেটা জিলা সংগ্ৰাহলয় বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল ৰয়ে। শাৰিৰীক বাধাগ্ৰস্ততাৰ পিছতো নৃপেন ৰয়ে সম্পাদনা কৰা আলোচনী, স্মৃতিগ্ৰন্থসমুহ হল সহযাত্ৰী, স্বৰ্ণাংগন, পোন্ধৰ আগষ্ট, বৰপেটা দৰ্পন। তেওঁৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ  "অনুষ্টুপ অনুপল"লে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।  ইয়াৰোপৰি তেওঁ বহু সংখ্যক কবিতা আৰু প্ৰবন্ধ লিখিছিল। ১৯৮৫ চনত অসমীয়া ৰহস্য সাহিত্য প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰবন্ধকাৰৰ স্বীকৃতিৰে "ৰংমন বটাঁ" লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপ সভাপতি, অসম সত্ৰ মহাসভা, গ্ৰীণলেণ্ড, বৰপেটা সাহিত্য সভাকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল নৃপেন ৰয়ে । তেওঁৰ মৃত্যুত বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, প্ৰাক্তন উপায়ুক্ত তথা সাহিত্যিক থানেশ্বৰ মালাকাৰ, বিশিষ্ট সাহিত্যিক অক্ষম কুমাৰ মিশ্ৰ, বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বৃহত্তৰ বৰপেটা প্ৰেছ গীল্ডৰ সভাপতি দ্বিজেন দাস, "ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন"ৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আজিজুল হক, বৰপেটা সাহিত্য সভাৰ সভাপতি কমল কৃষ্ণদাস, সাহিত্য সন্মিলনীৰ সভাপতি সেখ ৰহমত উল্লাহ, ব্যাসকুছি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি খঞ্জন ডেকা,

আছুৰ বৰপেটা জিলা সমিতিৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ দেউৰী, বৰপেটা জিলা লেখিকা সমাৰোহ, বাউসী আঞ্চলিক ছাত্ৰ সন্থা, নগাওঁ আঞ্চলিক ছাত্ৰ সন্থা, বৰপেটা জিলা ছাত্ৰ সন্থা, হাউলী ৰাস কমিটি, বিষ্ণুপুৰ দূৰ্গাপূজা মহোৎসৱ সমিতি, বৰপেটা জিলা সংগ্ৰহালয়কে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত পত্নী পাহি ৰয়ৰ লগতে তেওঁ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

No comments