গন বাৰ্তা খাৰুপেটীয়া , ১১ জানুৱাৰী: দৰঙৰ দলগাঁৱৰ ২ নং শিয়ালমাৰী গাঁৱত আজি মংগলদৈ খন্ড বন বিষায়ৰ নেত়ত্বত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ কাঠ...
গন বাৰ্তা খাৰুপেটীয়া , ১১ জানুৱাৰী: দৰঙৰ দলগাঁৱৰ ২ নং শিয়ালমাৰী গাঁৱত আজি মংগলদৈ খন্ড বন বিষায়ৰ নেত়ত্বত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ কাঠ জব্দ কৰাৰ লগতে কাঠফলা মিল এটা উৎখাত কৰা হয়৷ জানিব পৰা মতে দলগাঁৱৰ ২ নং শিয়ালমাৰীত ইব্ৰাহিম আলী নামৰ ব্যক্তি এজনে বহুদিনৰ পৰা অবৈধভাৱে কাঠফলা মিল চলাই আহিছিল৷ মংগলদৈ খন্ড বন বিষয়া দেবব্ৰত শৰ্মাৰ নেতৃত্বত বন বিভাগৰ এটি দলে আজি পুৱা গাঁওখনত অভিযান চলাই বৃহৎ পৰিমানৰ কাঠ জব্দ কৰাৰ লগতে কাঠৰ মিলটো উৎখাত কৰিবলৈ সক্ষম হয়৷
ইপিনে বনবিভাগৰ আগমনৰ খবৰ পাই মিলৰ মেচিনৰ যন্ত্ৰপাতিৰ কিছু অংশ খুলি লৈ মিলৰ মালিক ইব্ৰাহীম আলীয়ে পলায়ন কৰে । বন বিষয়াজনে জানিবলৈ দিয়া মতে চোৰাংভাৱে চলি থকা অবৈধ কাঠমিল সমূহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অহা দিনবোৰত আৰু তীব্ৰতৰ হব৷ তাৰোপৰি চৰকাৰক কৰ ফাকিৰে চলি থকা এনে অবৈধ কাঠফলা মিল আৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই দৰং জিলাত চলিত মাহতে বহু কেইটা কাঠ ফলা মিলৰ সৈতে বৃহৎ পৰিমানৰ কাঠ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে দলগাঁও সমষ্টিৰ লগতে দৰঙৰ বিভিন্ন স্থানত বন বিভাগৰ একাংশ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে যতে ততে অবৈধভাৱে কাঠফলা মিল চলি আহিছিল যদিও বিগত দুমাহৰ পৰা মংগলদৈ খন্ড বন বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত বহু অবৈধ মিল জব্দ কৰাৰ লগতে চৰকাৰে বৃহৎ পৰিমানৰ ৰাজহ পাবলৈ সক্ষম হৈছে৷
No comments