Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘু অধ্যুষিত দলগাও সমষ্টিত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা

গণবাৰ্তা, দলগাও,  ২৫ জানুৱাৰী:  আগন্তুক ২০২১ অনুষ্ঠিত হবলগীয়া   বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে  দলগাও সমষ্টিত  আৰ...


গণবাৰ্তা, দলগাও,  ২৫ জানুৱাৰী: আগন্তুক ২০২১ অনুষ্ঠিত হবলগীয়া   বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে  দলগাও সমষ্টিত  আৰম্ভ কৰিছে  ব্যাপক নিৰ্বাচনী  তৎপৰতা । বিভিন্ন ৰাজনৈতিক  দলৰ লগতে শাসনাধিষ্ঠ বিজেপি  দলেও   সাংগঠনিক ভেটি মজবুত কৰাৰ স্বাৰ্থত সংখ্যালঘু অধ্যুষিত  সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে   ৰাজহুৱা   সভা সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ দৰং জিলা সমিতিৰ উপ সভাপতি দিলোৱাৰ হুছেইন নেতৃত্বত ৰাজ্যিক  সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য মনজুৰ আহমেদ ,দলগাও-শিয়ালমাৰী মণ্ডল সমিতিৰ সভাপতি বাবুল চৌহান ,সাধাৰণ সম্পাদক প্ৰদীপ দাস  জিলা সংখ্যালঘু মৰ্চাৰ   সম্পাদক  কাছেম  আলি, জিলা কিষান মৰ্চাৰ সম্পাদক  আব্দুল মজিদকে আদি কৰি  দলটোৰ বিভিন্ন পৰ্য্যায়ৰ  নেতা কৰ্মী সকলে  পঞ্চায়তে পঞ্চায়তে  এটাৰ পিছত  আন এটা ৰাজহুৱা সভা সমিতি পাতি    গঠন কৰিছে এটাৰ পিছত আন এটা বুথ কমিটি , নিযুক্তি দিছে পৃষ্ঠা প্ৰমুখ ।উল্লেখযোগ্য যে  বিগত ১৫ বছৰ ধৰি  কংগ্ৰেছৰ দখলত আছে দলগাও সমষ্টি। কংগ্ৰেছৰ  বিধায়ক ইলিয়াচ দখলত  থকা  সমষ্টিটোত আছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ মজবুত সাংগঠনিক ভেটি ।  এই দুয়োটা  দলৰ মজবুত  ভেটিত এইবাৰ বিজেপি দলে খোপনি পুতিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে দলগাও সমষ্টিত। দলটোৰ  জিলা  সংখ্যালঘু মৰ্চাৰ নেতা কৰ্মী সকলে  প্ৰত্যেকটো পঞ্চায়তৰ গাৱে গাঁৱে   সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাই  সংখ্যালঘু  ভোটাৰৰ মন জয় কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা  পৰিলক্ষিত হৈছে ।ইতিমধ্যে  সংখ্যালঘু মৰ্চাৰ   নেতা কৰ্মী সকলে   দলগাও সমষ্টিৰ  বেছিমাৰী আৰু দলগাও-শিয়ালমাৰী ব্লকৰ অধীনস্থ প্ৰত্যেকটো পঞ্চায়ত বুথ কমিটি গঠন কৰি পৃষ্ঠা প্ৰমূখ নিযুক্তি দিয়াৰ কাম অব্যাহত ৰখা বুলি অবগত কৰি   দৰং জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি দিলোৱাৰ হুছেইনে কয়  ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলগাও সমষ্টিত বিজেপিৰ জয়  নিশ্চিত । কাৰণ কংগ্ৰেছ দখলত থকা দলগাও সমষ্টিৰ ৰাইজে বুজি পাইছে কংগ্ৰেছৰ প্ৰৱঞ্চনাৰ ৰাজনীতি । বিগত ১৫ টা বছৰে সমষ্টিৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ উন্নয়ন ও বিভিন্ন সমস্যা সম্পৰ্কে মাত এষাৰ দিবলৈ সক্ষম নহল বিধান সভাৰ মজিয়াত ।  চলাহী কথাৰে ১৫ বছৰ ৰাজত্ব কৰা বিধায়ক গৰাকীৰ প্ৰতি মোহভংগ হৈছে সৰ্ব সাধাৰণৰ ৰাইজৰ । যাৰ বাবে সংখ্যালঘু ভোটাৰ আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি । একেদৰে এ আই ইউ ডি এফৰ প্ৰতিও সহাৰি নাই ৰাইজৰ । সেয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত দলগাঁও সমষ্টিত পদুম ফুলাটো নিশ্চিত বুলি কয় উপ সভাপতি দিলোৱাৰ হুছেইনে ।

No comments