হোজাই,মোৰাঝাৰ ,২০ জানুৱাৰী: দুৰ্নীতিৰ দৰ্পনৰ কাকতৰ ষষ্ঠ বৰ্ষপূতি অনুষ্ঠানত প্ৰয়াত সাংবাদিক দিলীপ' কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰদা...
হোজাই,মোৰাঝাৰ ,২০ জানুৱাৰী: দুৰ্নীতিৰ দৰ্পনৰ কাকতৰ ষষ্ঠ বৰ্ষপূতি অনুষ্ঠানত প্ৰয়াত সাংবাদিক দিলীপ' কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় যুৱ সাংবাদিক ছাদিকুজ জামানক৷দেওবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বৰ্ষপুতি অনুষ্ঠান হৈ যায়। কাকত খনৰ সম্পাদক ছায়েদ আলী খানে আঁত ধৰা এই সভাতে দুৰ্নীতিৰ দৰ্পন কাকত গোষ্ঠীৰ তৰফৰ পৰা কবি তথা সাংবাদিক ছাদিকুজ জামানক বিশেষ সংবাদ সেৱা বটাঁ আৰু কবি ৰফিক উদ্দিনক 'সাহিত্য সাধনা বঁটা' প্ৰদান কৰাৰ লগতে ডবকাৰ সমাজ সেৱী আব্দুল হাচিবক বিশিষ্ট সমাজ সেৱা বঁটা প্ৰদান কৰে ।লগতে কেবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে হোজাই জিলাত এই তিনিওজনক এই সন্মান আগবঢ়োক জিলা খনত এক আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে৷
No comments