Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁৱত "ড: দিলীপ শৰ্মা : অভিনন্দন গ্ৰন্থ" উন্মোচন

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৮ জানুৱাৰী: নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ অভিনন্দন গ্ৰন্থ আজি উন্মোচন কৰ...


ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৮ জানুৱাৰী: নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ অভিনন্দন গ্ৰন্থ আজি উন্মোচন কৰা হয়। নগাঁও লাইন্স ক্লাৱত অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ সভাত "ড° দিলীপ শৰ্মা:- অভিনন্দন  গ্ৰন্থ " শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা এ ডি পি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নিত্যানন্দ পাটনায়কে। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত পাটনায়কে কয়- এনে ধৰণৰ অভিনন্দন গ্ৰন্থই মানুহক নতুন সৃষ্টিৰ বাবে প্ৰেৰণা যোগাই। গ্ৰন্থই মানুহক জ্ঞানৰ সুবাস বিলাই বুলি মন্তব্য কৰি পাটনায়কে লগতে কয়- আধুনিক প্ৰযুক্তিবিদ্যাই গ্ৰন্থৰ প্ৰতি কিছু প্ৰত্যাহ্বান আনিছে যদিও গ্ৰন্থৰ চাহিদা এতিয়াও কমা নাই। তেওঁ নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি বিশেষ ভাৱে গুৰুত্ব দিবলৈ আহ্বান জনাই। সম্পাদনা‌ সমিতিৰ সভানেত্ৰী নিজৰা শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° খৰ্গেশ্বৰ ভূঞাই কয়- অভিনন্দন গ্ৰন্থৰ জৰিয়তে একো একোজন ব্যক্তিক সমাদৃত কৰিব বিচৰাটোৱেই হৈছে অন্যতম মহৎ কাম। মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° ধনঞ্জয় কুশ্ৰেই ভাষণ প্ৰদান কৰি‌ কয়- শিক্ষকতাৰ সমান্তৰাল ভাৱে ড° দিলীপ শৰ্মাই সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। প্ৰসংগক্ৰমে তেওঁ কয়- ভাৰতীয় দৰ্শন, সাহিত্য, সমাজ আৰু সংস্কৃতিৰ ঐতিহ্যক আমি সঠিকভাৱে আগুৱাই নিব লাগিব। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ড° দিলীপ শৰ্মাৰ বিষয়ে উল্লেখ কৰি কয়- ড° শৰ্মাৰ অকল হিন্দী সাহিত্যতেই  দখল নাছিল, অসমীয়া সাহিত্যটো তেওঁ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। ড° শৰ্মাৰ চিন্তাত জাতীয়তাবাদৰ ভাব ধাৰা নিহিত হৈ আছে। সভাত অৰুণোদয় সাহিত্য চ'ৰাৰ  সভাপতি মৃদুপৱন বৰা, কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দ্ৰ নাৰায়ণ মহন্ত, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, অধ্যাপিকা ড° দীপা ডেকা, শিক্ষক মুনিন্দ্ৰ শইকীয়া, অসীম দাস আদিয়ে অংশগ্ৰহণ কৰে। সাংবাদিক অজয় মাহাতুৱে আত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ড° আব্দুল মান্নানে। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰী কল্যাণী বৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন বিদ্যাৰ্থী সকলে এই গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে।

No comments