গণবাৰ্তা, নগৰবেৰা ১১ জানুৱাৰীঃ বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰ সমষ্টিৰ সীমামূৰীয়া অঞ্চলৰ বৃহৎ ভূমিত আফিং খেতি কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্ট...
গণবাৰ্তা, নগৰবেৰা ১১ জানুৱাৰীঃ বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰ সমষ্টিৰ সীমামূৰীয়া অঞ্চলৰ বৃহৎ ভূমিত আফিং খেতি কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। স্থানীয় লোকে জনোৱা মতে বাঘবৰ সমষ্টিৰ আলিগাঁও এন চিত একাংশ লোকৰ মাটি ৭ হাজাৰ টকা বিঘাত লিজত লৈ নামনি অসমৰ পৰা অহা ১০/১২ জনীয়া এটা চক্ৰই প্ৰায় ১৫ ৰ ২০ বিঘা মাটিত আফিং খেতি কৰিছিল । মাটিৰ মালিকক পাহাৰীয়া আৰু বিহাৰী তীল খেতি কৰাৰ কথা কৈ স্থানীয় লোকৰ অগোচৰে আফিং খেতি কৰা বিষয়টো যোৱাকালি পোহৰলৈ অহাৰ লগে লগে ঘটনাস্থলীত আলোপতি আৰক্ষীৰ এটা দল উপস্থিত হৈ নিশ্চিত কৰে। পিছত ঘটনাস্থলীত কাছুমাৰা আৰক্ষীৰ এটা দলো উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। আজি পুৱাৰ পৰাই ঘটনাস্থলীত কাছুমাৰা, বাঘবৰ আৰক্ষীৰ বৃহৎ দল উপস্থিত হয়। চক্ৰ বিষয়া ও দণ্ডাধীশ ৰাজীৱ গগৈ, সহকাৰী আৰক্ষী উপ-অধীক্ষকদ্বয় মদন কলিতা আৰু ভুৱনেশ্বৰ ডেকাৰ নেতৃত্বত অহা অভিযানকাৰী দল এটাই বৃহৎ ভূমিত কৰা খেতি আফিং খেতি বুলি নিশ্চিত কৰে। কাছুমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, বাঘবৰ থানাৰ বিষয়া হিতেশ বসুমতাৰী, মছেৰ আলী, মন্দিৰা আৰক্ষী চকীৰ অভিজিৎ বৰাই অভিযানত সহযোগ কৰে। আৰক্ষীয়ে ইতিমধ্যে বৃহৎ ভূমিৰ আফিং খেতি ট্ৰেক্টৰেৰে ধ্বংস কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি এনে অবৈধ আফিং খেতিত জৰিত সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিব বুলি ব্যক্ত কৰিছে সহকাৰী আৰক্ষী উপ-অধীক্ষকে। ইপিনে অবৈধ তথা যুৱ প্ৰজন্ম ধ্বংসকাৰী এই আফিং খেতিৰ লগত জৰিত সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি বিহিবলৈ স্থানীয় লোকে আৰক্ষীক দাবী জনাইছে।
No comments