গণ বাৰ্তা, শালবাৰী, ৪ জানুৱাৰীঃ অসম সৰ্বশিক্ষা অভিযান মিছন বাক্সা জিলাৰ জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত আজি জিলাখনৰ শালবাৰীৰ মধ্য হাউ...
গণ বাৰ্তা, শালবাৰী, ৪ জানুৱাৰীঃ অসম সৰ্বশিক্ষা অভিযান মিছন বাক্সা জিলাৰ জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত আজি জিলাখনৰ শালবাৰীৰ মধ্য হাউলী এমই স্কুলত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব ব্ৰেইলী দিৱস উদযাপন কৰা হয়৷কাৰ্যসূচীনুসৰি ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰে মধ্য হাউলী এমই স্কুল পৰিচালনা সমিতিৰ সভাপতি নীলকান্ত বৰ্মনে,ছহিদ তৰ্পন কৰে মধ্য হাউলী এমই স্কুলৰ প্ৰধান শিক্ষক দীপল চন্দ্ৰ বড়োৱে,বৃক্ষৰোপণ কৰে সমাজকৰ্মী গণেশ দাসে৷ দূপৰীয়া শাৰীৰিকভাবে প্ৰতিবন্ধক ছাত্ৰছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা,গীতৰ প্ৰতিযোগিতা আৰু কবিতা পাঠ প্ৰতিযোগিতা৷এই কাৰ্যসূচী মুকলি কৰে জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৰোজ মহিলাৰীয়ে৷আবেলি মুকলি সভা ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ সমূহ কাৰ্যসূচীৰ আঁত ধৰে জালাহ খণ্ড প্ৰাথমিক কাৰ্যালয়ৰ আই বিভাগৰ বিষয়া ভূদেৱ গোস্বামীয়ে,সহযোগ কৰে বহুকেইগৰাকী চিআৰচিচিয়ে৷
No comments