Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তামুলপুৰত বাক্সা জিলা পৰিবহন বিভাগৰ অভিযান; যান বাহন আইন ভংগকাৰীক জৰিমনা

আৰিফ আহমেদ, তামুলপুৰ, ৮ জানুৱাৰী: তামুলপুৰ মহকুমা সদৰৰ ৰঙিয়া, তামুলপুৰ- ভূটান পথৰ মটঙা চ'কত আজি বাক্সা জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী...


আৰিফ আহমেদ, তামুলপুৰ, ৮ জানুৱাৰী: তামুলপুৰ মহকুমা সদৰৰ ৰঙিয়া, তামুলপুৰ- ভূটান পথৰ মটঙা চ'কত আজি বাক্সা জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটি দলে অভিযান চলাই যান বাহন আইন ভংগকাৰীৰ পৰা জৰিমনা আদায় কৰে। বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাৰ নিৰ্দেশত আজি দিনৰ ভাগত চলা এই অভিযানত বিভিন্ন গাড়ীৰ নথি-পত্ৰ সমূহ পৰীক্ষা কৰে। চালকৰ অনুজ্ঞাপত্ৰ নথকাকৈ গাড়ী চলোৱা, বীমা নথকা, হেলমেট নোহোৱাকৈ দুচকীয়া বাহন চলোৱা আদি লোকৰ বিৰুদ্ধে যান বাহন আইনৰ অধীনত এই অভিযান চলোৱা বুলি জানিবলৈ দিছে বাক্সা জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই। এনফৰ্চমেণ্ট পৰিদৰ্শক সত্যনাথ বড়ো নেতৃত্বত আৰু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট নিৰীক্ষক টুইংকল পাঠক, চন্দন ব্ৰহ্ম, ৰঞ্জিত দৈমাৰীৰ উপস্থিতিত চলা আজিৰ এই অভিযান কালত যান বাহন আইন ভংগ কৰা লোকৰ পৰা প্ৰায় পাঁচ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে যান বাহন আইন ভংগ কৰাৰ বাবেই বিগত কিছু দিনত তামুলপুৰ মহকুমাত কেইবাটাও ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহু লোকে অকালতে প্ৰাণ হেৰুওৱাৰ উপৰিও বহু লোকে পঙ্গুত্বক আঁকোৱালি লব লগাত পৰিছে। যান বাহন আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে চলোৱা এই অভিযানত সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আৰু অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈও ৰাইজে বাক্সা জিলা পৰিবহন বিষয়া গৰাকীক অনুৰোধ জনাইছে। উল্লেখ্য যে কালিও বাক্সা জিলা পৰিবহণ বিভাগে তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ অঞ্চলত যায় বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় পঞ্চাশ হাজাৰ টকাৰ জৰিমনা বিহিছে। 


No comments