ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৭ জানুৱাৰীঃ মঙলদৈ নগৰৰ নিকটৱৰ্তী চপাই যুৱ কল্যাণ কেন্দ্ৰৰ চৌহদত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে আগবঢ়োৱা ২৫ ...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৭ জানুৱাৰীঃ মঙলদৈ নগৰৰ নিকটৱৰ্তী চপাই যুৱ কল্যাণ কেন্দ্ৰৰ চৌহদত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে আগবঢ়োৱা ২৫ লাখ টকাৰে নিৰ্মিত শালৈপাৰা কল্যাণী মহিলা সমিতিৰ ভৱনটো মঙলবাৰে উদ্বোধন কৰা হয়। এই উপলক্ষে সাংবাদিক গণেশ দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাসে ভৱনটো উদ্বোধন কৰি কয়, পুণৰ মই বিধায়ক হওনে নহও সেইটো পিছৰ কথা; কিন্তু পাঁচবছৰীয়া কাৰ্যকালত সমষ্টিবাসীৰ মাজত থাকি যিখিনি উন্নয়নমূলক কাম কৰিবলৈ সুযোগ পালো তাক লৈ মই সুখী। দৰং জিলা মহিলা সমিতিৰ সম্পাদিকা মিৰণ দেৱী, সমাজকৰ্মী বিণু নাৰায়ণ দেৱ, মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকা সহ শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাসে লগতে চপাই - ধূলা পথ, নগৰবাহী - চপাই সংযোগী পথৰ বাকী ৰোৱা কামখিনি শীঘ্ৰে সম্পন্ন কৰা হ'ব বুলি প্ৰকাশ কৰে। ভৱন উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মঙলদৈ মহাবিদ্যালয়ৰ এন চি চিৰ মেজৰ হৰিমন ডেকাৰ নেতৃত্বত কেডেট সকলে ৰাইজৰ সহযোগত চপাইত সমূহীয়া চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। সমাজকৰ্মী ৰমণীমোহন শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
No comments