অকলেণ্ড, ২ জানুৱাৰী: পাকিস্তানৰ দলৰ বেটছমেন আৰু অধিনায়ক বাবৰ আজম ক্ৰাইষ্টচৰ্চত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ পৰা আঁতৰি অহাৰ প...
অকলেণ্ড, ২ জানুৱাৰী: পাকিস্তানৰ দলৰ বেটছমেন আৰু অধিনায়ক বাবৰ আজম ক্ৰাইষ্টচৰ্চত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ পৰা আঁতৰি অহাৰ পিছত তেওঁৰ নিউজিলেণ্ড ভ্ৰমণসূচীৰ অন্ত পৰিছে। টি-২০ ছিৰিজৰ পিছৰ টেষ্ট ছিৰিজৰ এখনো মেচ তেওঁ খেলিব নোৱাৰিলে। এখনো মেচ নেখেলাকৈ তেওঁ নিউজিলেণ্ড ভ্ৰমণৰ অন্ত পৰিছে। তেওঁ নিউজিলেণ্ডত অনুশীলন চলাই থকাৰ সময়ত পোৱা আঘাতৰ বাবে টি-২০ আৰু টেষ্ট ছিৰিজ খেলাৰ পৰা বিৰত থাকে। পাকিস্তান ক্ৰিকেট বৰ্ডে দ্বিতীয় টেষ্টৰ পৰা বাবৰ আজম আঁতৰি অহাৰ কথা প্ৰকাশ কৰিছে। কাইলৈ দুয়োটা দলৰ মাজত দ্বিতীয়খন টেষ্ট আৰম্ভ হ'ব। দ্বিতীয়খন টেষ্টতো পাকিস্তান দলটোৰ অধিনায়কৰূপে থাকিব মহম্মদ ৰিজৱান। দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখন নিউজিলেণ্ড দলটোৱে জয় লাভ কৰি ছিৰিজত ১-০ৰ অগ্ৰগতিত আছে।
No comments