পংকজ বেজবৰুৱা, টিহু, ৩১ জানুৱাৰী : টিহু মহকুমাৰ পাটিকাৰাত আজি এটি পুথিভঁৰাল উদ্বোধন কৰাৰ লগতে তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় । পৰীক্ষিত স্মৃত...
পংকজ বেজবৰুৱা, টিহু, ৩১ জানুৱাৰী : টিহু মহকুমাৰ পাটিকাৰাত আজি এটি পুথিভঁৰাল উদ্বোধন কৰাৰ লগতে তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় । পৰীক্ষিত স্মৃতি ভৱনত স্থাপিত সখি পুথিভঁৰাল উদ্বোধন কৰে দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ দিবাকৰ শৰ্মাই । বন্তি প্ৰজ্বলন কৰে টিহু সাহিত্য সভাৰ সভাপতি শংকৰ কুমাৰ দাস আৰু লেখিকা–টিহুৰ সুৰভি গোষ্ঠীৰ উপসভাপতি হিমানী দেৱীয়ে । ইয়াৰ পাছতে এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ পৌৰোহিত্যত আয়োজিত সভাত কৰৱী দেৱীৰ ‘অনুভৱৰ ৰং’, অনামিকা দেৱীৰ ‘আশাৰ নৈ’ আৰু গজেন গোস্বামীৰ হাঃ হাঃ বাঃ বাঃ নামৰ তিনিখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয় । সুৰভি গোষ্ঠীৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংবাদিক হেমন্ত কুমাৰ শীল, কুমুদ বৰ্মন, নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ শৰ্মা, কদমতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰঘুনাথ শৰ্মা আৰু কবি অলকানন্দ ঠাকুৰীয়াই ভাগ লয় ।
No comments