Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰী আৰক্ষীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপন কৰিলে ভূক্তভোগীয়ে

  গণ বাৰ্তা, জৰুৱা বন্দিহানা,২১ জানুৱাৰী, ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ।স্থানীয় ৰাইজৰ এজাহ...

 


গণ বাৰ্তা, জৰুৱা বন্দিহানা,২১ জানুৱাৰী, ধুবুৰীৰ মাঝেৰচৰ চলাকুৰা পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ।স্থানীয় ৰাইজৰ এজাহাৰ দাখিল পঞ্চায়ত সচিব সভাপতিৰ বিৰুদ্ধে। যদিওঁ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰি অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। আজি এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰিলে অভিযোগকাৰীয়ে। ধুবুৰী জিলাৰ বিভিন্ন পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে ব্যপক দুৰ্নীতি। আনকি আঁচনি ৰূপায়ণ নকৰাকৈ কেৱল কাগজ কলমত কাম সম্পূৰ্ণ কৰি পঞ্চায়ত সভাপতি-সচিব আৰু কনষ্ট্ৰাকচন কমিটিৰ অধ্যক্ষই বিভাগীয় বিষয়া অভিযন্তাক লগত লৈ লাখ লাখ টকাৰ লুণ্ঠনৰাজ চলাইছে। এনে কিছু অভিযোগ উত্থাপন হৈছে ধুবুৰী জিলাৰ মাঝেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত। পঞ্চায়ত খনত পথ নিৰ্মাণ, বক্স কালভাৰ্ট, জিৰণি চৰা, সমূহীয়া ভৱন আদি বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত একপ্ৰকাৰ লুণ্ঠনৰাজ চলিছে। সংবাদমেলত উত্থাপন কৰা অভিযোগ অনুসৰি ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৮-১৯ বৰ্ষলৈকে চতুৰ্থ বিত্তীয় সাহায্য পুঁজিৰ জৰিয়তে চৰকাৰে আৱণ্টণ দিয়া ৯৯ লাখ ৫৪ হাজাৰ ৫৬৮ টকাৰ আঁচনি ৰূপায়ণত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে আব্দুল মান্নান নামৰ লোকজনে জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখা লৈ এখন অভিযোগ দাখিল কৰিছে। আনহাতে পঞ্চায়তখনৰ সভাপতি, সচিব আৰু কনষ্ট্ৰাকচন কমিটিৰ অধ্যক্ষ বিৰুদ্ধে স্থানীয় আব্দুল মান্নান নামৰ লোক এইজন লোকে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত ১৯৪৭/২০ নম্বৰত এখন গোচৰ পঞ্জীয়ন কৰাৰ লগতে দুৰ্নীতি নিবাৰক শাখাক দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আন এখন গোচৰ পঞ্জীয়ন কৰিছে। যদিওঁ তদন্তৰ নামত ধুবুৰী আৰক্ষীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপন কৰা হয় এই সংবাদমেলত। আন এক অভিযোগ মতে, আৰক্ষী বিষয়া জাকিৰৰ সৈতে বুজাবুজি কৰি গোপনীয় ভাবে বন্ধ হৈ থকা কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰি আহিছে।


No comments