গণ বাৰ্তা, ডিব্ৰুগড়, ৯ জানুৱাৰীঃ মৰাণত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথম খন অভিৱৰ্তনতে গঠন হল ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি। কাৰাগাৰৰ পৰাই দলটোক নেতৃত্ব ...
গণ বাৰ্তা, ডিব্ৰুগড়, ৯ জানুৱাৰীঃ মৰাণত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথম খন অভিৱৰ্তনতে গঠন হল ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি। কাৰাগাৰৰ পৰাই দলটোক নেতৃত্ব দিব অখিল গগৈয়ে। ৰাজ্য সকলো জিলা প্ৰতিনিধিৰ সবসন্মতি ক্ৰমে অখিল গগৈক দলটো সভাপতি দায়িত্ব দিয়া হয়। দলটো গঠন হোৱা পৰাই মুখ্য আহ্বায়ক দায়িত্ব থকা ভাস্ক' ডি শইকীয়াক ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি দায়িত্ব দিয়া হয়। নতুন ৰাজনৈতিক দলটো দায়িত্ব লাভ কৰিযে ভাস্ক' ডি শইকীয়াই দিহতাই কয় ৰাইজৰ দলে আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিক শক্তিশালী প্ৰত্যাহ্বান জনাব। অভিৱৰ্তনত ৰাইজৰ সমাগমেই প্ৰমাণ কৰি দিলে ৰাইজৰ দলক লৈ ৰাইজে কিমান আশাৰ কৰে। আগন্তুক বিধানসভাৰ নিৰ্বাচনত আঞ্চলিক শক্তি চৰকাৰ গঠন হব। লগতে নেতাৰ জনে কয় বিজেপি আইটি চেলে ৰাইজৰ দলৰ অভিৱৰ্তনত মানুহ হোৱা নাই বুলি মিচা প্ৰচাৰ কৰিছে। বিজেপি, আৰু কংগ্ৰেছ AIUDF প্ৰতিহত কৰিবলৈ আঞ্চলিক শক্তি সমূহ একগোট হোৱাটো সময় আহ্বান।
No comments