Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কামৰূপ আৰক্ষীৰ দ্বাৰা আটক চিলনী চোৰৰ গেংগ; উদ্ধাৰ কৰে মটৰ চাইকেল, সোণৰ চেইন আদি বিভিন্ন সামগ্ৰী

  পঙ্কজ নাথ, চাংসাৰি, ২২ জানুৱাৰী :  কামৰূপ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে দিলে চমক । মহানগৰীৰ বৃহৎ চিলনী চোৰৰ বৃহৎ ...

 


পঙ্কজ নাথ, চাংসাৰি, ২২ জানুৱাৰী : কামৰূপ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে দিলে চমক । মহানগৰীৰ বৃহৎ চিলনী চোৰৰ বৃহৎ গেঙ উৎসাৎ কৰি অপৰাধীৰ বিৰুদ্ধে ঘোষণা কৰিলে জেহাদ । ছয় চিলনী চোৰক আটক কৰাৰ লগতে সেই গেংটোৰ পৰা নগদ ধন , ভুৱা পৰিচয় পত্ৰ, সোণৰ চেইন, বান্দৰ কেকোৱা , জলকীয়া গুৰিৰ টোপোলা আদি উদ্ধাৰ কৰিলে কামৰূপ আৰক্ষীয়ে । গোপন অনুসন্ধানেৰে কামৰূপ আৰক্ষীয়ে  গুৱাহাটী কামাখ্যা গেটত জোৰদাৰ অভিযান চলাই এই সফলতা লাভ কৰে । কামাখ্যা মন্দিৰৰ সমীপৰ বাবা ধামৰ সমীপৰ লজত ছয় চিলনী চোৰে বাহৰ পাতি দিন দোপৰতে চিনেমাৰ কাইদাৰে চলাই গৈছিল চুৰি অভিযান । আজি গুৱাহাটী কাইলৈ উত্তৰ গুৱাহাটী স্থান সলাই ৰাজপথৰ জনতাৰ চেইন মোবাই কাঢ়ি চলাই গৈছিল আতঙ্ক । লোভনীয় সোনৰ চেইন দেখিলেই পিছ লোৱা ছয় চিলনী চোৰ অবশেষত  পৰিল ফান্দত । কামৰূপ আৰক্ষীৰ বৃহৎ দলে কামাখ্যা মন্দিৰৰ বিশেষ ল'জৰ পৰা চিলনী চোৰৰ গেঙটোক আটক কৰি এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । সেয়েহে তদন্তৰ খাতিৰত আৰক্ষীয়ে এই গেঙৰ সবিশেষ সাংবাদিকৰ আগত প্ৰকাশৰ পৰা এতিয়া বিৰত আছে যদিও পিছলৈ ইয়াৰ সবিশেষ জানিবলৈ দিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

No comments