Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ড্ৰাফট লৈ ট্ৰেক্টৰ প্ৰদান কৰিবলৈ অনীহা স্বৰাজ ডিলাৰৰ; বিপাঙত কৃষক

  গণ বাৰ্তা, জৰুৱা- বন্দিহানা,২১ জানুৱাৰী:অসম চৰকাৰে মূখ্য মন্ত্ৰী সমগ্ৰ গ্ৰামীণ উন্নয়ন যোজনা আঁচনিৰে ৰাজ্য খনৰ প্ৰতিখন ৰাজহ গাঁৱত এখনকৈ ট্...


 গণ বাৰ্তা, জৰুৱা- বন্দিহানা,২১ জানুৱাৰী:অসম চৰকাৰে মূখ্য মন্ত্ৰী সমগ্ৰ গ্ৰামীণ উন্নয়ন যোজনা আঁচনিৰে ৰাজ্য খনৰ প্ৰতিখন ৰাজহ গাঁৱত এখনকৈ ট্ৰেক্টৰ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে যদিও এচাম ধুৰন্ধৰ ডিলাৰৰ স্বাৰ্থলোভী কাৰ্যকলাপৰ বাবে বহু হিতাধিকাৰী কৃষকে ড্ৰাফট জমা দিয়াৰ পাছতো মাহৰ পাছত মাহ ধৰি ট্ৰেক্টৰ লাভৰ পৰা বঞ্চিত হৈ আছে। স্বৰাজ ট্ৰেক্টৰ বাবে ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে মহিন্দ্ৰা এণ্ড মাহিন্দ্ৰা স্বৰাজ ডিভিজনৰ নামত ড্ৰাফট জমা দিয়া শতাধিক কৃষক গোটক ট্ৰেক্টৰ প্ৰদান ৰ নামত চৰম বিপাঙত পেলাইছে। উক্ত স্বৰাজ ডিলাৰে ড্ৰাফটৰ প্ৰায় তিনি কোটি টকা হস্তগত কৰি হিতাধিকাৰী কৃষকক সকলোক কেইবা মাহ ধৰি ঘুৰাই আছে। লক্ষণীয় যে   জমি,গহনা আদি বন্ধকত থৈয়ো  বহু কৃষকে ইৰি ধান ৰোৱাৰ বতৰত ট্ৰেক্টৰৰ বাবে ড্ৰাফট জমা দিছে কিন্তু অতি ধুৰন্ধৰ ডিলাৰ গৰাকীয়ে কৃষকৰ ধনক অন্য ব্যৱসায়ৰ মূলধন হিচাপে ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। ছলে বলে কৌশলে আৰু কেইটামান দিন পাৰ কৰিব পাৰিলেই নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ'ব। তেতিয়া নিৰ্বাচনৰ দোহাই দি আৰু বহু দিন পাৰ কৰিব পাৰিব। ৰাজ্যৰ মূখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী তথা কৃষি মন্ত্ৰী ক ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ লগতে ধুৰন্ধৰ ডিলাৰ গৰাকীক ব্লেক লিষ্টেট কৰাৰ দাবীও উত্থাপণ কৰিছে।

Attachments area

No comments