Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফু কৃষি বিজ্ঞান কেন্দ্রত 'ৰাইচ নলেজ বেংক শীর্ষক কর্মশালা সম্পন্ন

  গণবাৰ্তা বিশেষ, ডিফু, ৭ জানুবাৰীঃ অসম এগ্রি বিজনেজ এণ্ড ৰুৰেল ট্রান্সমেচন প্রজেক্টৰ অধীনত আজি ডিফু বিৰলাস্থিত কৃষি বিজ্ঞান কেন্দ্রত দিনজোৰ...

 


গণবাৰ্তা বিশেষ, ডিফু, ৭ জানুবাৰীঃ অসম এগ্রি বিজনেজ এণ্ড ৰুৰেল ট্রান্সমেচন প্রজেক্টৰ অধীনত আজি ডিফু বিৰলাস্থিত কৃষি বিজ্ঞান কেন্দ্রত দিনজোৰা কার্যসূচীৰে ৰাইচ নলেজ বেংক শীর্ষক এক কর্মশালা অনুষ্ঠিত হয়। ডিফুৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্রই ৰূপায়ণ কৰা কর্মশালাত কার্বি আংলং কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ড০ সুবল মাইবংছায়ে কর্মশালাৰ আয়ােজন কৰাৰ উদ্দেশ্য সম্পর্কে আলােকপাত কৰে। একাংশ প্রগতিশীল কৃষকে অংশ গ্রহণ কৰা কর্মশালাত গুৱাহাটীৰ আইআৰআৰআইৰ জ্যেষ্ঠ বিজ্ঞানী ড০ কনবাৰ সিঙে কর্মশালাৰ আৰস্তুণিৰ ভাষণ আগবঢায়। তেওঁ ভাষণত ধান জ্ঞান বেংক তথা ৰাইচ নলেজ বেংকৰ বর্তমান ভূমিকা সম্পর্কে উল্লেখ কৰি আধুনিক আৰু বিজ্ঞান পদ্ধতিত কৃষি কর্মত নিয়ােজিত কৰিবলৈ কর্মশালাত গুৰত্ব আৰোপ কৰে। টেকনিকেল চেচনত সংশ্লিষ্ট বিষয়ত সমল ব্যক্তি হিচাপে উপস্থিত থকা গুবাহাটীৰ আৰ্পাট প্রজেক্টৰ প্রজেক্ট সমন্বয়ক ভাস্কৰ জ্যোতি মহন্ত, গুৱাহাটীৰ ডেফডিল কলেজ অব হৰটিকালচাৰৰ উীন এইচ চি ভট্টাচাৰ্যী, গুৱাহাটীৰ আইআৰআৰআইৰ কৃষি বিশেষজ্ঞ বিবেক কুমাৰ, জ্যোতি বিকাশ নাথ আৰু জিলা আৰ্পাটৰ নডেল বিষয়া পৱন বড়ােয়ে সংশ্লিষ্টৰ শীর্ষক কৃষক ৰাইজক ব্যাখ্যা কৰে। ডিফুৰ আৰ্পাটৰ প্রকল্প সহযােগী কৃষ্ণানালী গগৈয়ে আঁত ধৰা কর্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন ডিফু এছবিআইৰ লীড ডেভলপমেন্ট মেনেজাৰ এল আৰ চাহাই।


No comments