গণবাৰ্তা, আজাৰা, ০৮ জানুৱাৰী : সমগ্র বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মাৰাত্মক ক'ভিড-১৯ ৰ প্ৰতিষেধক ভাৰতবৰ্ষকে ধৰি অসমৰ জনসাধাৰণক অচিৰেই প্ৰ...
গণবাৰ্তা, আজাৰা, ০৮ জানুৱাৰী : সমগ্র বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মাৰাত্মক ক'ভিড-১৯ ৰ প্ৰতিষেধক ভাৰতবৰ্ষকে ধৰি অসমৰ জনসাধাৰণক অচিৰেই প্ৰদান কৰা হব । ইতিমধ্যে কভিড-১৯ প্ৰতিষেধক টীকাকৰণৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ অংশ হিচাপে আজি আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ধাৰাপুৰ উপ-স্বাস্থ্য কেন্দ্ৰত টীকাকৰণৰ এক আখৰা সম্পণ্ণ কৰা হয় । কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া সণ্জীৱ ৰাজখোৱা আৰু আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ধ্ৰুৱজ্যোতি বৰুৱাৰ তত্বাৱধানত আয়োজিত টীকাকৰণত স্বাস্থ্য বিভাগৰ পশিচ গৰাকী লোকক টীকাকৰণ কৰা হয় ।টীকাকৰণ কাৰ্যসুচীৰ সময়ত কামৰূপ জিলাৰ ডি এচ অ' ডাঃ পৰাগ দেৱৰয় , ডি পি এম স্মিতা শইকীয়া , ডাঃ কাবেৰী দত্ত উপস্থিত থাকে । আনহাতে টীকাকৰণ কাৰ্যসূচীত আজাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, আজাৰা থানা, সমাজ কল্যাণ বিভাগেও সহযোগিতা আগবঢ়ায় । উল্লেখ যে ক'ভিড-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক লাভ কৰা লোকসকলে পুনৰ ২৮ দিনৰ পিছত দ্বিতীয় পালি প্ৰতিষেধক ল'ব লাগিব ।
No comments