গণবাৰ্তা, ঘগ্ৰাপাৰ, ১৫ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বৰ্ষৰ ঘগ্ৰাপাৰ প্ৰীমিয়াৰ লীগ। ঘগ্ৰাপাৰ...
গণবাৰ্তা, ঘগ্ৰাপাৰ, ১৫ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বৰ্ষৰ ঘগ্ৰাপাৰ প্ৰীমিয়াৰ লীগ। ঘগ্ৰাপাৰ ছানৰাইজ ক্লাৱৰ উদ্যোগত তথা বাজাজ এম আৰ অটো এজেঞ্চীৰ সহযোগত এই প্ৰতিযোগিতা খন অনুষ্ঠিত হয়। লীগৰ প্ৰতিযোগিতা সমুহ ১৫ , ১৭ , ২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব । আজি পুৱা সাংস্কৃতিক কৰ্মী ৰাতুল আহমেদে আঁতধৰা অনুষ্ঠানত ক্ৰীকেট খেল খনৰ আৰম্ভণিতে ছানৰাইজ ক্লাৱৰ পতাকা উত্তোলন কৰে সাংবাদিক বীৰেন কলিতাই আৰু প্ৰীমিয়াৰ লীগৰ পতাকা উত্তোলন কৰে প্ৰৱক্তা টিকেন বৰ্মণে। বন্তি প্ৰজ্বলন কৰে শিক্ষক সুনন্দ বৈশ্যই। খেল পথাৰ মুকলি কৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে। ১০ অভাৰ খেলৰ আজি প্ৰথম খেল খনত পি এন চি চি টাইটেনচ্ জয়ী হয়। দ্বিতীয় খেলত ভিঠা চিস্কাৰ জয়ী হয়। তৃতীয় খেল খনত মুন্না জুয়েলাৰী এন্ঠেলাচ্ বিজয়ী হয় বুলি ছানৰাইজ ক্লাৱৰ সভাপতি নৱজ্যোতি কলিতা আৰু সম্পাদক দিবাকৰ তালুকদাৰে জানিবলৈ দিয়ে।
No comments